অসম-মেঘালয়ৰ সীমা সমস্যা সমাধান হোৱা নাই ! দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিছে নাটক

অসম-মেঘালয়ৰ সীমা সমস্যা সমাধান হোৱা নাই ! দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিছে নাটক

ডিজিটেল ডেস্কঃ বিজেপিক পৰাস্ত কৰাটো অসম্ভৱ নহয়। মা, মাটি আৰু মানুহৰ শ্ল'গানেৰে অসমতো বিজেপিক পৰাস্ত কৰিব তৃণমূল কংগ্ৰেছে। বুধবাৰে গুৱাহাটীত এক যোগদান সভাত অংশগ্ৰহণ কৰি তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই এইদৰেই দিলে বিজেপিক উৎখাতৰ হুংকাৰ। কংগ্ৰেছৰ পৰা পদত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাই তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই বুধবাৰে গুৱাহাটীত অনুষ্ঠিত কৰিলে এক যোগদান কাৰ্যসূচী।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মহুৱা মৈত্ৰৰ উপৰিও ৰিপুন বৰা, সুস্মিতা দেৱ, মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ মুকুল চাংমা আদিয়ে।তৃণমূল কংগ্ৰেছৰ এইসকলক নেতাৰ উপস্থিতিত দলটোত নতুনকৈ যোগাদন কৰে বহু কেইটা দলৰ নেতা কৰ্মীৰ লগতে অগপৰ প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ মুছাহাৰীয়ে। ইতিমধ্যে চাৰিবাৰৰ বিধায়ক গোপীনাথ দাস, প্ৰাক্তন বিধায়িকা মণিকা বৰাই তৃণমূলত যোগদনা কৰি ৰাজ্যত দলটোক গতি দিবলৈ কাম আৰম্ভ কৰিছে। দলটোৰ কাম-কাজ অধিক সূচল কৰিবৰ বাবে আগন্তুক ৩ মে' তাৰিখে মুকলি কৰিব অসমত ৰাজ্যিক কাৰ্যালয়।

তৃণমূল কংগ্ৰেছত যোগদান কৰি পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন কংগ্ৰেছী সুস্মিতা দেৱে বুধবাৰৰ এই সভাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মতে চলে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। আনহাতে আঞ্চলকি দল অসম গণ পৰিষদক বিজেপিৰ সংখ্যালঘু কোষ বুলি কৈ তেওঁ বিজেপি দলত এতিয়া পুৰণি বেজিপে নেতাসকলৰ মৰ্যদা নাই বুলি মন্তব্য কৰিছে।

ইফালে সমাধানৰ দিশে আগবঢ়া অসম-মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত বিস্ফোৰক মন্তব্য আগবঢ়াইছে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাই। দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত গৃহমন্ত্ৰীৰ সন্মুখত নতুন দিল্লীত স্বাক্ষৰিত হৈছে ভূমি চুক্তি। দীৰ্ঘদিনীয়া ভূমি সমস্যা সমাধানাৰ বাবে দুয়ো ৰাজ্যই মুঠ ৬ টা বিবাদিত অংশৰ বাবে সমাধান সূত্ৰ বিচাৰি উলিয়াইছে।

কিন্তু ড০ মুকুল চাংমাই বুধবাৰে অভিযোগ উত্থাপন কৰিছে যে, অসম-মেঘালয়ৰ সীমা বিবাদ সমাধান হোৱা নাই। দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সীমা বিবাদ সমাধান হৈছে বুলি নাটক কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in