পানী কমিলেও কমা নাই বানৰ বিভীষিকা, মৃত্যুৰ সংখ্যা ৪৮ লৈ বৃদ্ধি…

পানী কমিলেও কমা নাই বানৰ বিভীষিকা, মৃত্যুৰ সংখ্যা ৪৮ লৈ বৃদ্ধি…

ডিজিটেল ডেস্কঃ পানী কমিলেও ৰাজ্যত কমা নাই বানৰ বিভীষিকা। শনিবাৰে পুনৰ বানত প্ৰাণ হেৰুৱালে জাগীৰোডৰ এজন লোকে। পুখুৰীত মাছ মাৰিবলৈ যাওতে কৰুণ মৃত্যুক সাৱটি লোৱা লোকজনৰ নাম মাধৱ ৰায়। জাগীৰোডৰ নেলী কুমাৰবড়ীত ঘৰ মাধৱ ৰায়ৰ। বানত বুৰ গৈ থকা পুখুৰীটোত মাছ চাবলৈ বুলি যোৱা অৱস্থাতে মৃত্যুক সাৱটি লব লগা হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে, বৰ্তমানৰ লৈকে ৰাজ্যত বানত প্ৰাণ হেৰুৱা লোকৰ সংখ্যা ৪৮ গৰাকীলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in