শেহতীয়া খবৰ
আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...  •  এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়...  •  স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত...

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বিশেষ কৰ্মশালা..

ডিজিটেল ডেস্কঃ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি অভিযান্ত্ৰিক আৰু পলিটেকনিক শিক্ষাৰ সংৰক্ষিত কৰনৰ ওপৰত শুকুৰবাৰে এখন কৰ্মশালাৰ অয়োজন কৰিছে। এই কৰ্মশালাখন হাইব্ৰিড মোডত অনুষ্ঠিত কৰা হ’ব আৰু ইয়াৰ লক্ষ্য হৈছে অসমৰ অভিযান্ত্ৰিক আৰু পলিটেকনিক শিক্ষাৰ পৰিপ্ৰেক্ষিতত এন ই পি ৰূপায়ণৰ বাবে এক ৰোডমেপ সৃষ্টি কৰা।

অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু অসম শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তই কৰ্মশালাখন উদ্বোধন কৰি উদ্বোধনী ভাষণ আগবঢ়াব। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অতুল বৰাই কৰ্মশালাৰ বিষয়বস্তুৰ ওপৰত মূল বক্তব্য আগবঢ়াব।

এই কৰ্মশালাখন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ উদ্ভাৱক আৰু পৰামৰ্শদাতা পদ্মশ্ৰী ড০ উদ্ধব ভৰালী, এডুএনাৰ্জি ছিংগাপুৰৰ প্ৰতিষ্ঠাপক আৰু পৰিচালনা অংশীদাৰ ড০ দীপক এল ৱাইকাৰ, মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ ড০ হেমন্ত ডোলোই আৰু দিল্লীৰ এ আই চি টি ই, অনুষদ উন্নয়ন সঞ্চালক বি ভেংকটকে ধৰি বিশিষ্ট বিশেষজ্ঞ আৰু শিক্ষাবিদসকলে পৰিচালনা কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি