শিক্ষা বিভাগত ২৩ হাজাৰ চাকৰি, ৯ ছেপ্টেম্বৰত বিজ্ঞাপন..

শিক্ষা বিভাগত ২৩ হাজাৰ চাকৰি, ৯ ছেপ্টেম্বৰত বিজ্ঞাপন..
  • ৰাজ্যৰ নিবনুৱাৰ বাবে সুখবৰ।
  • অচিৰেই শিক্ষা বিভাগে শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব।
  • আগন্তুক ৯ ছেপ্টেম্বৰত প্ৰকাশ পাব শিক্ষা বিভাগৰ প্ৰথমটো বিজ্ঞাপন।
  • ২৩ হাজাৰ শিক্ষকক আগন্তুক সময়ত নিযুক্তি প্ৰদান কৰিব শিক্ষা বিভাগে।
  • শিক্ষক দিৱসৰ দিনাই আনুষ্ঠানিক ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
  • ৰাজ্যৰ শিক্ষা বিভাগত বহু পদ খালী হৈ থকাৰ কথা উল্লেখ কৰিছে মন্ত্ৰী গৰাকীয়ে।
  • খালী পদ পূৰণৰ বাবে বহু প্ৰতিবন্ধকতাও আছে বুলি উল্লেখ মন্ত্ৰী পেগুৰ।
  • এই প্ৰতিবন্ধকতা দূৰ কৰি এটা এটা শিক্ষকৰ পদ পূৰ্ণ কৰা হ'ব।
  • আন্তঃগাঁথনিৰ যি সমস্যা আছে, সেই সমস্যা দূৰ কৰিবৰ বাবে ৰিজাৰ্ভ বেংকৰ গাইড লাইন অনুসৰি নাবাৰ্ডৰ পৰা ঋণ লোৱা হৈছে।
  • যিসমূহ বিদ্যালয়ে মহান মনিষীৰ সৃষ্টি কৰাৰ লগতে ৭৫ বছৰ অতিক্ৰম কৰিলে তেনে ২০৯ খন বিদ্যালয়লৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩ কোটিকৈ ধন আগবঢ়াব শিক্ষা বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in