মৰিগাওঁ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী…

মৰিগাওঁ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী…

ডিজিটেল সংবাদ মৰিগাওঁঃ ৰাজ্যৰ ভিন্ন জিলাৰ আৰক্ষীৰ লগতে মৰিগাঁও আৰক্ষীয়েও অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। এন এক অভিযানৰ সময়তে মৰিগাঁও মিকিৰভেটা থানাৰ অন্তৰ্গত মিকিৰভেটা চাৰীয়ালীৰ পৰা ১২৩ গ্ৰাম সন্দেহযুক্ত হেৰইণ জব্দ কৰিবলৈ সক্ষম হৈছে।

এই অভিযানতে ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীতো ধিং লালিপথাৰৰ আবু তাহেৰ বুলি জানিব পৰা গৈছে। জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৯৫ লাখ টকা হ'ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in