কলেজৰ পৰাই ক্ৰাইম ব্ৰাঞ্চে উঠাই নিলে দিছপুৰ কলেজৰ অধ্যক্ষক…

কলেজৰ পৰাই ক্ৰাইম ব্ৰাঞ্চে উঠাই নিলে দিছপুৰ কলেজৰ অধ্যক্ষক…

ডিজিটেল ডেস্কঃ মহানগৰীৰ দিছপুৰ মহাবিদ্যালয়ৰ ধন হৰলুকি ঘটনা সন্দৰ্ভত ক্ৰাইম ব্ৰাঞ্চে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। এই ধন হৰলুকি কিদৰে হ'ল সেই তথ্য এতিয়াও পোহৰলৈ অহা নাই যদিও দিনৰ ভাগত বেংক অব বৰোদাত উপস্থিত হৈছিল দিছপুৰ আৰক্ষী। আৰক্ষীয়ে বেংক অব বৰোদাৰ শাখা প্ৰবন্ধক আৰু আন দুজন বেংক বিষয়াক সোধা-পোছা অব্যাহত ৰাখিছে।

ইয়াৰ মাজতে আকৌ ক্ৰাইম ব্ৰাঞ্চে দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ নৱজ্যোতি বৰাক সোধো-পোছাৰ বাবে কলেজৰ পৰা উঠাই নিছে। ক্ৰাইম ব্ৰাঞ্চৰ ফালৰ পৰা এতিয়াও এই সম্পৰ্কত কোনো তথ্য প্ৰকাশ কৰা নাই। ক্ৰাইম ব্ৰাঞ্চে তেওঁক কেৱল ঘটনা সন্দৰ্ভত সোধো-পোছাৰ বাবেই লৈ গৈছে নে আটক কৰিছে সেই বিষয়েও তথ্য প্ৰকাশৰ পৰা বিৰত আছে ক্ৰাইম ব্ৰাঞ্চ।

ইফালে দিনৰ ভাগত দিছপুৰ আৰক্ষীয়ে সোধা-পোছা কৰা বেংক অৱ বৰোদাৰ শাখা প্ৰবন্ধকগৰাকীৰ ৰাজেশ কুমাৰ সিনহা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in