ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিছে অসম জীয়ৰি চুপাৰ ভইচ অৱ ইণ্ডিয়াৰ টপ টেনত মৰিয়নিৰ পৰিস্মৃতা…

ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিছে অসম জীয়ৰি চুপাৰ ভইচ অৱ ইণ্ডিয়াৰ টপ টেনত মৰিয়নিৰ পৰিস্মৃতা…

ডিজিটেল সংবাদ মৰিয়নি : চনী টিভিৰ হৈ চনী মাল্টি মিডিয়াই কভিড-১৯ৰ মহামাৰীৰ বাবে অন লাইন যোগে অয়োজন কৰা চুপাৰ ভইচ অৱ ইণ্ডিয়াৰ ২০২০ প্ৰতিযোগিতাৰ টপ টেনত প্ৰৱেশ কৰিছে এগৰাকী অসমৰ জীয়ৰিয়ে৷

মৰিয়নিৰ জিয়ৰী আৰু বোকাখাতৰ বোৱাৰী পৰিস্মৃতা শৰ্মা বৰ্তমান প্ৰতিযোগীতাখনৰ অনলাইন ভোটৰ ৰেটিংত তৃত্বীয় স্থানত আছে। প্ৰতিভাৱান সংগীত শিল্পী গৰাকীয়ে পিতৃ নৃপেন শৰ্মাৰ কোলাতেই সংগীতৰ স্বৰ শিকা পৰিস্মৃতাক শ্ৰেষ্ঠত্বৰ মুকুটৰ বাবে এতিয়া ভোটৰ দৰকাৰ।

ভাটখাণ্ডে আৰু চণ্ডীগড়ৰ পৰা এম মিউজিক কৰা পৰিস্মৃতাই সংগীতৰ যোগেদি পুনৰ বাৰ ৰাষ্ট্ৰীয় সংগীত জগতত অসমৰ নাম উজ্বলাবলৈ সক্ষম হ'ব বুলি আশা কৰিছে। পৰিস্মৃতাই তেওঁক চনী মাল্টি মিডিয়াৰ ফেচবুক পেজত গৈ লাইক শ্বেয়াৰ কৰি ভোটদান কৰিবৰ বাবে অসমবাসীক আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in