সোমবাৰে কোৰোনাৰ ফলত মৃত্যু হৈছিল পিতৃৰ, এইবাৰ গুৱাহাটীত মাতৃ-কন্যাৰ দেহত কোভিড-১৯…

সোমবাৰে কোৰোনাৰ ফলত মৃত্যু হৈছিল পিতৃৰ, এইবাৰ গুৱাহাটীত মাতৃ-কন্যাৰ দেহত কোভিড-১৯…

ডিজিটেল ডেস্কঃ অসমত মঙলবাৰে সন্ধিয়াৰ ভাগত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ অহা লোককেইজনৰ প্ৰসংগত আছে এক উদ্বেগজনক খবৰ। কোৰাোনাত আক্ৰান্ত ৬ গৰাকী লোকৰ ৩ গৰাকী গুৱাহাটী মহানগৰীৰ। এই ৩ গৰাকী লোকৰ ভিতৰত ২ জন সোমবাৰে কোৰোনাৰ ফলত মৃত্যু হোৱা এগৰাকী কৰ্কট ৰোগীৰ পৰিয়ালৰ লোক।

জিএমচিএইচত মৃত্যু হোৱা কোভিড-১৯ পজিটিভ তথা কৰ্কট ৰোগীগৰাকীৰ পত্নী আৰু কন্যাৰ দেহত পোৱা গৈছে কোভিড-১৯ পজিটিভ। উল্লেখ্য যে, কৰ্কট ৰোগীগৰাকীৰ সৈতে পৰিয়ালৰ সদস্য কেইজন মু্ম্বাইৰ পৰা বিশেষ বাছযোগে আহিছিল অসমলৈ। তেওঁলোকে কৰ্কট ৰোগৰ চিকিৎসা কৰাৰ বাবে মুম্বাইলৈ গৈ লকডাউনৰ সময়ত আবদ্ধ হৈ পৰিছিল।

পৰৱৰ্তী সময়ত তেওঁলোকে অসম ভৱনৰ পৰা আন শতাধিক লোকৰ সৈতে বাছযোগে আহি অসমত উপস্থিত হৈছিলহি। এতিয়া একেটা পৰিয়ালৰে ৩ জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বাবে যথেষ্ট চিন্তাত পৰিছে পৰিয়ালটো।

ইফালে মঙলবাৰে সন্ধিয়া কোভিড-১৯ পজিটিভ পোৱা আন লোকসকলৰ ২জন কৰিমগঞ্জৰ আৰু এগৰাকী সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰৰ। ইফালে অসমত কোৰোনা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ১৪১ গৰাকীলৈ। বৰ্তমান অসমত আৰোগ্য হৈছে ৪১ গৰাকী কোভিড-১৯ ৰোগী। এতিয়াও হাস্পতালত আছে ৯৪ গৰাকী লোক। মৃত্যু হৈছে ৪ গৰাকী লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in