ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ১৬৯ জন…

ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ১৬৯ জন…

ডিজিটেল ডেস্ক : বুধবাৰৰ দিনটোত ৰাজ্যত কৰোনাত আক্ৰান্ত হয় ১৬৯ গৰাকী লোক । ইপিনে বুধবাৰৰ দিনটোত সুস্থ হৈ চিকিৎসালয়ৰ পৰা উভতে ২১০ গৰাকী । ইপিনে কামৰূপ মহানগৰ জিলাত বুধবাৰে আক্ৰান্ত হয় ৪২ গৰাকী লোক ।

বুধবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় তিনি গৰাকী লোকৰ । মৃত্যু হোৱা লোক কেইগৰাকী হ'ল তিনিচুকীয়া জিলাৰ লোকক নাথ গগৈ(৬২), কামৰূপ গ্ৰাম্য জিলাৰ অনাচুৰ হক (১৪) আৰু মইনুল হক(৫২) ।

বৰ্তমানলৈ ৰাজ্যত কোৰোনাত সৰ্বমুঠ আক্ৰানত হয় ২১০৮৬৫ গৰাকী লোক । বৰ্তমানলৈ সৰ্বমুঠ ২০৬৬০৮ গৰাকী লোকে আৰোগ্য লাভ কৰাৰ লগতে চিকিৎসাধীন হৈ আছে ৩২৮৫ গৰাকী লোক । বৰ্তমানলৈ কোৰোনাত সৰ্বমুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৬৯ গৰাকী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in