অসমত পৰিস্থিতিৰ দ্ৰুত অৱনতিঃ বুধবাৰে কোৰোনাত আক্ৰান্ত হৈ ৪গৰাকীৰ মৃত্যু…

অসমত পৰিস্থিতিৰ দ্ৰুত অৱনতিঃ বুধবাৰে কোৰোনাত আক্ৰান্ত হৈ ৪গৰাকীৰ মৃত্যু…
  • পৰিস্থিতিৰ দ্ৰুত অৱনতি।
  • পুৱাই আহিল চাৰিজনকৈ কোৰোনাক্ৰান্তৰ মৃত্যুৰ খবৰ।
  • পুৱাই আহিল কোৰোনাত আক্ৰান্ত হৈ চাৰিজন লোকৰ মৃত্যুৰ খবৰ।
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা সদৰি কৰি দুখ প্ৰকাশ কৰিলে।
  • মৃত লোককেইজন হৈছে ক্ৰমে, ছাফিকুল ৰহমান(৬০), হাদায়তপুৰ, গুৱাহাটী।
  • ৰমণী মজুমদাৰ(৬০),পাঠাকাৰকুছি, বৰপেটা।
  • উৎপল কুমাৰ চলিহা(৭৫)কাহিলাপাৰা, দিছপুৰ।
  • হৰিপ্ৰসাদ মণ্ডল(৬৮),লালগণেশ, গুৱাহাটী।
  • তেওঁলোক জি এম চি এইচৰ আই চি ইউত চিকিৎসাধীন আছিল।
  • আজি পুৱতি নিশা ২বজাৰ পৰা ৫বজাৰ ভিতৰত তেওঁলোকৰ মৃত্যু হয়।
  • হিমন্ত বিশ্ব শৰ্মাই টুইটটোত কয়, লোককেইজনৰ পৰিয়ালৰ প্ৰতি মই সমবেদনা প্ৰকাশ কৰিছো আৰু এনে জটিল সময়ত তেওঁলোকৰ সৈতে থকাৰ কথা প্ৰকাশ কৰিছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in