বাজেটত কোনো সদিচ্ছা প্ৰতিফলিত নহ’ল…

বাজেটত কোনো সদিচ্ছা প্ৰতিফলিত নহ’ল…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন বাজেট আধিৱেশনৰ পঞ্চমটো দিনত ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে অজন্তা নেওগে ২০২১-২২ বৰ্ষৰ বাজেট দাখিল কৰিলে।বিত্তমন্ত্ৰী গৰাকীয়ে সদনত শুক্ৰবাৰে দাখিলকৰা বাজেট সন্দৰ্ভত ড° অপুৰ্ব কুমাৰ বৰুৱাৰ বিশ্লষণ পঢ়ক 'মোৰ মত' শিতানত।

অসমৰ সংবাদ মাধ্যমসমূহৰ এচামত অসমৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰীয়ে উত্থাপন কৰা বাজেটখন পূৰ্বৰ বাজেটতকৈ পৃথক হ'ব বুলি বহুতে আশা কৰা বুলি আলোচিত হোৱা দেখিছিলো। সেই হিচাপে ভয়ানক মূল্যবৃদ্ধি আৰু জীৱিকাৰ সংকোছনে  সাধাৰণ মানুহৰ দৈনন্দিন বাজেটৰ ওপৰত পেলোৱা হেঁচাৰ উপসম ঘটোৱাৰ দিশত বিত্তমন্ত্ৰীৰ কোনো  সদিচ্ছা প্ৰতিফলিত নহ'ল।  খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰন কৰাৰ কোনো উল্লেখযোগ্য প্ৰস্তাৱ চকুত নপৰিল।

কোভিডৰ প্ৰভাৱত দৈনিক হাজিৰা কৰি খোৱা লোক আৰু ক্ষুদ্ৰ ব্যৱসায় বানিজ্য চলাই পেটৰ ভাত মোকলোৱাসকলৰ বাবে এই বাজেটে কোনো সকাহৰ বাতৰি কঢ়িয়াই অনা নাই। মনত পৰিছে দিল্লী চৰকাৰে এনে লোকৰ বেংক একাউণ্টত ৫০০০ টকাকৈ সাহায্য ঘোষণা কৰিছিল। পেট্ৰ'ল, ডিজেলৰ মূল্য বৃদ্ধিয়ে মধ্য বিত্তক বিপৰ্যয়ত পেলোৱাৰ উপৰিও সাধাৰণ মুদ্ৰাস্ফীতিত অৰিহনা যোগায়। সেইবাবে এই সামগ্ৰীসমূহৰ ওপৰত ৰাজ্যৰ ৰাজহৰ হাৰ কিছু কমালে সাধাৰণ মানুহে সকাহ পালে হেতেন।

ভাৰতীয় জনতা দলৰ হিতাধিকাৰী সৃষ্টিকৰা বিকাশৰ  বিধ্বংসী নীতি গোটেই বাজেটখনত প্ৰতিফলিত হৈছে। আঁচনি আৰু প্ৰতিশ্ৰুতিৰে ভৰা বাজেটখনত জনসাধাৰণৰ সকলো অংশৰ মন ভাল লগোৱাৰ চেষ্টা আছে কিন্তু কামৰ কথা নাই। এটা উদাহৰণেই যথেষ্ট হ'ব। ৰাজ্যৰ অৰ্থনীতিৰ এই দুৰ্দিনত বিনিয়োগৰ প্ৰয়োজন। তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আওৰোৱাৰ দৰে ব্যৱসায়িক সুচলতাৰ কথা কোৱা হৈছে। কিন্তু এইটো কেনেকৈ কৰা হ'ব তাৰ কোনো ইংগিত নাই। অৰ্থাৎ প্ৰতিশ্ৰুতিহে মাত্ৰ।

শাসক দলৰ  দুটা বহু চৰ্চিত নিৰ্বাচনী প্ৰতিশ্ৰুতি- মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ আৰু এক লাখ চাকৰি সৃষ্টি আকাশ কুসুম হৈ ৰ'ল। ঋণ মাফৰ বাবে এতিয়া নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি থকা সকলক অগ্ৰাধিকাৰ দিয়া হ'ব। আনফালে চাকৰি সৃষ্টিৰ বাবে খালীহৈ থকা পদ বোৰ ফৰ্দহে তৈয়াৰ কথা হৈছে। নতুন পদৰ কি হ'ব জনা নগ'ল। স্কিল ডেভেলপমেণ্ট বা কুশলতা বিকাশৰ বৰ্তমানৰ গতি সলনি হোৱাৰ কোনো সম্ভাৱনা নাই।

কৰ্ম বিচ্যুত হৈ ঘৰলৈ ঘূৰি অহা শ্ৰমিক সকলৰ নিয়োগৰ কোনো পন্থা নেদেখিলো। স্বাস্থ্য, শিক্ষা, প্ৰশাসনীয় সংস্কাৰ আন ভালেমান বিষয়ত নতুন নামদি পুৰণি মদকে নতুন বটলত দিলে। উচ্চ শিক্ষাৰ আঁচনিৰ কথা কবলৈ গৈ মন্ত্ৰীয়ে sky is the limit বুলি কৈ সামৰিলে। নিৰাশ জনক বাজেট। অসমৰ অৰ্থনীতিত উদ্যমিতাৰ প্ৰয়োজন আছিল। নেওগ ডাঙৰীয়ানীয়ে  হতাশ কৰিলে। হয় গুৱাহাটিৰ পাহাৰৰ লোকক মাটিৰ পট্টা দিয়াত উল্লেখ আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in