/asomiyapratidin/media/media_files/2026/02/26/73e60a30-f08c-4c0b-be3f-8d6423258eaa-2026-02-26-15-03-49.jpg)
মৃদুল কুমাৰ সন্দিকৈ
কোনোবাই কাৰোবাক বেছি প্ৰশংসাৰে উপচাই পেলালেও কথাটো চিন্তা কৰিব লগা হয়। কিয় এনেকৈ কৈছে, বা ইয়াৰ আঁৰত আন কিবা উদ্দেশ্য আছে নেকি সেয়া ভৱাব অৱকাশ থাকি যায়। ৰাজনৈতিক নেতা এজনৰ আন এজন ৰাজনৈতিক নেতাৰ প্ৰতি সদ ভাৱ থকাটোত অস্বাভাৱিকতা থাকিব নোৱাৰে। কিন্তু সদায় কটাক্ষ আৰু আক্ৰমণ কৰি তুচ্ছ-তাচ্ছিল্য কৰা কোনো নেতাই যদি বিপক্ষ নেতাগৰাকীক প্ৰয়োজনতকৈ অধিক প্ৰাধান্য দিয়ে, তাত নিশ্চয় অস্বাভাৱিকতা থাকে।
অসমৰ মানুহে তেনে কিছু দৃশ্য যোৱা কিছুদিনৰ প্ৰত্যক্ষ কৰিছে। সেইবোৰ দেখি সেয়েহে মানুহৰ মনত স্বাভাৱিকভাৱে কিছু প্ৰশ্ন উত্থাপিত হৈছে। এই প্ৰশংসা বা স্বীকৃতি কেনেবাকৈ ৰাজনীতি আছে নেকি বুলি সন্দেহৰ বীজ ৰোপন হৈছে। সেই ৰাজনীতি প্ৰত্যক্ষ নহ’লেও পৰোক্ষ ৰাজনীতি হ’ব পাৰে।
ৰাজনীতিত সন্দেহৰ অৱকাশ সদায় থাকি যায়। ৰাজনীতিত কোনো কাৰোৰে গেৰান্টি ল’ব নোৱাৰে। দূৰদৰ্শী বুলি ভৱা নেতাই এনেকৈয়ে ৰাজনীতি কৰাৰ উদাহৰণ আছে। মানুহে তেওঁৰ শত্ৰু বুলি ভৱা নেতা কিন্তু বাস্তৱত তেওঁৰ নিজৰ মানুহ হৈ আঁৰতে থাকি যায়।
ৰাজনীতিয়ে এতিয়া অধোন্নতিৰ সীমা অতিক্ৰম কৰিছে। কোনে কাৰ হৈ ক’ত থাকি কি ধৰণে কাম কৰে সৰ্বসাধাৰণ লোকে প্ৰাথমিক দৃষ্টিৰে ধৰা পেলাব নোৱাৰে। এজন নেতাৰ ভাষ্যতে বহু ৰাজনীতিৰ সমীকৰণ লুকাই থাকে। এজন নেতাৰ মন্তব্যই ৰাজনীতিৰ পৰিৱেশ, পৰিস্থিতি সলনি কৰি দিয়ে।
মানুহে দেখে তেওঁৰ বিৰুদ্ধে এই নেতা সৰৱ। মানুহে ভাৱে এইয়াহে আমাৰ আঁচল নেতা। ভয়-কেৰেপ কাকোৱেই নকৰে, প্ৰয়োজনত ৰজাকো উভতি ধৰে। পিছে পিছ দুৱাৰেদি সেই ৰাজ দৰবাৰতে সোমাই মন্ত্ৰণা আৰু উপঢৌকন লৈ ৰজাই দিয়া শ্ৰুতলিপি মতে তেওঁলোকে যে কাম কৰিব পাৰে সেয়া জনাৰ উপায় নাথাকে।
অসমতো থাকিব পাৰে এনে নেতা! সেই নেতাৰ আচৰণ চাই মানুহে যি ধাৰণ কৰে, তাৰ বিপৰীতধৰ্মী কাম তেওঁ ৰাজনীতিৰ ক্ষেত্ৰখনত কৰিও যাব পাৰে। প্ৰয়োজনত যি শিবিৰত তেওঁ অৱস্থান লয়, সেই পক্ষকেই বিপদত পেলাই শত্ৰু পক্ষক সুবিধা কৰি দিবলৈ প্ৰেক্ষাপট ৰচনা কৰে।
একেদৰে কোনোবা অতি শত্ৰু বুলি ভৱা নেতাৰ কেৰিয়াৰ শেষ কৰিবলৈ ক্ষমতাশালী আৰু ধনৱন্ত পক্ষই এইসকলৰ ছদ্মবেশী নেতাক ব্যৱহাৰ কৰাৰ কথা কোনে নুই কৰিব পাৰে। কাৰোবাৰ প্ৰাসংগিকতা কমাবলৈ তেনে ক্ষমতাশালী পক্ষই এনে কিছু নেতাক একপ্ৰকাৰৰ স্বীকৃতি প্ৰদান কৰে ৰাজহুৱাভাৱে।
ইয়াৰ জৰিয়তে একেটা গুলীতে ৰাজনীতিত দুটা চিকাৰ সম্ভৱ হয়। কোনো কাৰণতে উত্থান সহ্য কৰিব নোৱাৰা বিপক্ষৰ নেতাক দুৰ্বল কৰি নিৰ্বাচনৰ সময়ত জয়ৰ পথ মসৃণ কৰিব পাৰে এইবোৰ কামৰ দ্বাৰাই। সংখ্যালঘূ ভোটাৰৰ ভোট বিভাজনো এনেবোৰ ৰাজনৈতিক সমীকৰণৰ দ্বাৰাই সহজ হৈ পৰে।
তেওঁলোকে ভালদৰে জানে, অচিনাকী আখ্যা দিয়া সেই সকল লোকে তেওঁলোকক পছন্দ নকৰে। নিদিয়ে তেওঁলোকক নিৰ্বাচনৰ সময়ত সমৰ্থন। তেওঁলোকৰ সমৰ্থন থাকে বিৰোধী শিবিৰৰ প্ৰতি। সেই বিৰোধী শিবিৰতে অৱস্থান লৈ সংখ্যালঘূৰ ত্ৰাণকৰ্তা ৰূপত এনে এজেন্ট ৰূপী নেতাক প্ৰতিষ্ঠা কৰিব পাৰিলে নিৰ্বাচনত বহু অংক সিজে।
চতুৰ বিপক্ষ নেতাই মুখ খুলি এইবোৰ কথা ৰাজহুৱা নকৰিলেও বুজি পায় বহু কথা। চিধাকৈ বন্ধুত্বৰ হাত মেলি দিয়া শত্ৰুৰূপী নেতাক উপেক্ষা কৰিব নোৱাৰিলেও তেওঁলোকেও এক ৰাজনৈতিক পৰিক্ৰমাৰে এই নেতাসকলক বশ কৰাৰ চেষ্টা কৰে। দৰ-দাম ঠিকেই চলে তেওঁলোকৰ মাজত। কিন্তু এৰা-ধৰা কৰিবলৈ মান্তি নহয়।
অসমৰ ৰাজনীতিত এনে এখন ছবি বাৰু বাস্তৱ হ’বলৈ গৈ আছে নেকি? যাৰ সুযোগ আৰু সুবিধা শাসনত থকা পক্ষটোৱে অতি সহজতে গ্ৰহণ কৰি ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ ব্লুপ্ৰিন্ট চূড়ান্ত হোৱাৰ দিশত নেকি! মানুহৰ মনত সন্দেহ বহু ধৰণে আহে। মানুহে বহু কথা ভাৱি লয়, পৰিৱেশ-পৰিস্থিতি চাই।
বন্ধু ৰূপত ধৰা দিব খোজা তেনে শত্ৰুক নিলগাই ৰাখি ভুল নে শুদ্ধ কৰিলে, সেয়া সময়ে ক’ব। সময়ত নিশ্চয় বহুৰূপী এনে নেতাৰ মুখাও খোল খাব। সৰ্বসাধাৰণ ভোটাৰে গৰমে গৰমে কোনোবা নৰম হোৱা আখ্যানবোৰৰ লক্ষ্য আৰু উদ্দেশ্য ধৰিব নোৱাৰে। কিমান যে অংক থাকে ৰাজনীতিত...।
আস্থাহীন আৰু প্ৰমূল্যবোধহীন ৰাজনীতিত এইবোৰ সৰু ঘটনা। এতিয়া ৰাজনীতি প্ৰমূল্যবোধেৰে পৰিচালিত নহয়। জনসেৱা আৰু আৰ্তজনৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়াতো ৰাজনীতিৰ এক শ্লোগান। নেতাই সেই প্ৰতিশ্ৰুতিৰ বৰষুণ দিয়েই মানুহক আৱেগিক কৰে। যিসকলে ভাল অভিনয় কৰিব পাৰে, তেওঁলোকৰ পক্ষতে ভোটাৰে অৱস্থান লয়।
নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছত ৫বছৰলৈ তেওঁলোক হৈ পৰে গণবিচ্ছিন্ন একোজন ক্ষমতাশালী লোক। তেওঁলোকৰ পিছত মানুহ দৌৰে। তেওঁলোকৰ এটা সহাঁৰিৰ বাবে আকৌ ৫টা বছৰ অপেক্ষা কৰিব লগা হয়। কোন কাৰ মানুহ ধৰিব নোৱাৰা সময় এয়া। কিয়নো নেতাৰো থাকে নেতা। সেই নেতাৰ নেতাসকলেই এতিয়া জনপ্ৰতিনিধি হোৱা নেতাসকলৰো ভাগ্য বিধাতা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us