/asomiyapratidin/media/media_files/2026/03/06/whatsapp-image-2026-03-06-17-15-33.jpeg)
ডিজিটেল ডেস্কঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিৰোধী দল সমূহৰ মাজত মিত্ৰতা গঢ়ি তোলাৰ লক্ষ্যৰে আজি আলোচনাত মিলিত হ'ল কংগ্ৰেছ, অজাপ, APHLC আৰু CPMৰ নেতৃত্ব। এই আলোচনাৰ পাছতে এক সংবাদমেল সম্বোধন কৰিলে দলকেইটাৰ শীৰ্ষ নেতৃত্বই। অখিল গগৈৰ অবিহনে সম্বোধন কৰা এই সংবাদমেলত উপস্থিত আছিল গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈ, জন ইংতি কাথাৰ আৰু সুপ্ৰকাশ তালুকদাৰ।
এই সংবাদমেলত গৌৰৱ গগৈয়ে উল্লেখ কৰে যে, বৰ্তমানেও মিত্রতা সন্দৰ্ভত ৰাইজৰ দল আৰু চিপিএমৰ সৈতে আলোচনা চলি আছে। তেওঁ কয়, “আজি আমি চাৰিটা দল একেলগে আহিছো আৰু এই ঐক্যবদ্ধ যাত্ৰাৰ আৰম্ভণি কৰিলোঁ। আগন্তুক দিনত একেলগে ৰাজ্যৰ বিভিন্ন ঠাইত যৌথ সভা অনুষ্ঠিত কৰা হ’ব আৰু ৰাইজৰ কাষলৈ গৈ এই সংগ্রাম আগবঢ়োৱা হ’ব।”
তেওঁ লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ অভিযোগ উত্থাপন কৰে যে, ৰাজ্যত বিজেপিয়ে দু-শাসন আৰু কু-শাসন চলাই আহিছে আৰু সেই কথাবোৰ ৰাইজৰ মাজলৈ লৈ যাবলৈ বিৰোধী দলসমূহ ঐক্যবদ্ধভাৱে সংগ্রাম কৰিব।
আনহাতে আজমল সম্বন্ধে গৌৰৱ গগৈয়ে মন্তব্য কৰে যে “আজমল মুখ্যমন্ত্ৰীৰ বাবে ১০৮ৰ দৰে।” মুখ্যমন্ত্ৰী বিপদত পৰে তেতিয়াই বদৰুদ্দিন আজমলৰ সহায় লয় আৰু এতিয়া সেই মিত্রতাৰ উপহাৰ হিচাপে AIUDFক লাভান্বিত কৰা হৈছে।
তেওঁ লগতে কয়, কংগ্ৰেছে মূল্যবোধৰ ৰাজনীতি কৰিব বিচাৰে, আনহাতে বিজেপিয়ে সুবিধাবাদী ৰাজনীতি কৰে। “শেষত ৰাইজেই সিদ্ধান্ত ল’ব তেওঁলোকে মূল্যবোধৰ ৰাজনীতি নে সুবিধাবাদী ৰাজনীতিৰ লগত থাকিব বিচাৰে,” বুলিও গৌৰৱ গগৈয়ে উল্লেখ কৰে।
আনহাতে, এই সংবাদমেলত লুৰীণজ্যোতি গগৈয়ে উল্লেখ কৰে যে, বিজেপি এতিয়ালৈকে AIUDFৰ “অক্সিজেন” লৈয়ে জীয়াই আছিল। AIUDFৰ নাম লৈ মুখ্যমন্ত্ৰীয়ে বহুদিন ধৰি সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে।
একেদৰে, বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ক সমালোচনা কৰি তেওঁ কয়, “এইয়া জন আশীৰ্বাদ যাত্ৰা নহয়, বৰং জন অভিশাপ যাত্ৰা।” জনজাতীয় লোকসকলৰ মাটি আদানি কৰি উদ্যোগপতিৰ হাতত দিয়াৰ অভিযোগো উত্থাপন কৰে লুৰীণজ্যোতি গগৈয়ে।
অজাপৰ সভাপতি গৰাকীয়ে লগতে কয় যে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতি, কেলেংকাৰী আৰু মাটি লুণ্ঠনৰ অভিযোগৰ প্ৰেক্ষাপটত ৰাইজে আশীৰ্বাদ নহয়, অভিশাপহে দিব। এই সংবাদমেলৰ অন্তত বিৰোধী দলসমূহে জানিবলৈ দিয়ে যে, আগন্তুক সময়ত দিন-তাৰিখ নিৰ্ধাৰণ কৰি ৰাজ্যজুৰি একেলগে সভা আয়োজন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন আগবঢ়োৱা হ’ব।
উল্লেখযোগ্য যে, এই সংবাদ মেলত অখিল গগৈৰ অনুপস্থিতিয়ে ৰাজনৈতিক মহল ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us