গুৱাহাটীত সম্পন্ন হ’ল Assam Architecture Awards, 2020ৰ বঁটা প্ৰদান অনুষ্ঠান

গুৱাহাটীত সম্পন্ন হ’ল Assam Architecture Awards, 2020ৰ বঁটা প্ৰদান অনুষ্ঠান

ডিজিটেল ডেস্কঃ ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হয় Assam Architecture Awards, 2020ৰ বঁটা প্ৰদান অনুষ্ঠান। ৰেডিচুন ব্লু হোটেলত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১৪ টা বিভিন্ন শিতানত উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যৰ মুঠ ১৪ গৰাকী লোকক পুৰষ্কিত কৰা হয়।

হাফেল ইণ্ডিয়াই আয়োজন কৰা অনুষ্ঠানটোত Assam Architects Association-ৰ সভাপতি তথা অনুষ্ঠানৰ মুখ্য অতিথি প্ৰকাশ সান্ধিল্য, সম্পাদক অমিতাভ শৰ্মা, যুটীয়া সম্পাদক জয়প্ৰকাশ প্ৰসাদ, হাফেল ইণ্ডিয়াৰ মাৰ্কেটিং চাৰ্ভিচৰ হেড সঞ্জয় গোস্বামী, হাফেল ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় প্ৰবন্ধক গণেশ প্ৰভুৱে প্ৰদান কৰে পুৰস্কাৰসমূহ।

উল্লেখ্য যে, গাভীৰ্যপূৰ্ণ এই বঁটা প্ৰদান অনুষ্ঠানটিত গুৱাহাটীত অত্যাধুনিক প্ৰযুক্তি আৰু সা-সুবিধা সমৃদ্ধ স্থাপত্য কলাৰ ফাৰ্ম Imperial Estate য়ে আজুৰি আনিছে ২ টাকৈ পুৰষ্কাৰ। Imperial Estate ৰ বিশেষভাৱে ডিজাইন কৰা 4line architects নামৰ গ্ৰুপটোৱে আতিথ্য ( hospitality) আৰু বাণিজ্য (commercial) শাখাত শ্ৰেষ্ঠ পুৰস্কাৰ আজুৰি আনিছে।

জানুৱাৰী মাহত Assam Architects Association-ৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ৮০খন স্থাপত্য কলাৰ ফাৰ্মে অংশ লৈছিল। মুম্বাইৰ জুৰীয়ে বাচনি কৰা অনুসৰি নিৰ্বাচিত হোৱা ফাৰ্মসমূহ হৈছে, Residential-Simplex Architectures, Commercial-Line Architectures, Interior-Aditya Design Studio, Institutional-Ar Ayanjit Choudhary, Hospitality-Line Architects, Unbuilt- k's Design Cell, Kitchen Interiors-Agarwal Architects, Residential-Banka & Associates, Commercial- Designers Pleneum, Interiors-Archiventions Institutional-Aakriti, Hospitality-Perspective, Unbuilt-Ar Pritam Nath & Team, Kitchen Interiors- Designers Pleneum।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in