অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰক কি কি পৰামৰ্শ দিলে উচ্চস্তৰীয় কমিটিয়ে…

অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰক কি কি পৰামৰ্শ দিলে উচ্চস্তৰীয় কমিটিয়ে…

ডিজিটেল ডেস্কঃ ৬নং দফা ৰূপায়ণ কমিটীৰ ১৩ গৰাকীকৈ সদস্যৰে স্বাক্ষৰ কৰা চূড়ান্ত প্ৰতিবেদন অলপতে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ত দাখিল কৰিব বিচাৰিছিল যদিও মন্ত্ৰালয়ে এই প্ৰতিবেদন গ্ৰহণ কৰা নাই। চৰকাৰৰ মতে, গৃহমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এই প্ৰতিবেদন গ্ৰহণ কৰিব।

ৰূপায়ণ কমিটীৰ চূড়ান্ত এই প্ৰতিবেদনত কি কি দাবী বা পৰামৰ্শ সন্নিবিষ্ট কৰা হৈছে, তাক লৈ ইতিমধ্যে বিভিন্ন সংবাদমাধ্যমত খবৰ প্ৰচাৰিত হৈছে। শেহতীয়াকৈ লাভ কৰা এক খবৰনুসৰি এই প্ৰতিবেদনত অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে দাবী জনাইছে ৬নং দফা ৰূপায়ণ কমিটীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, বিগত বৰ্ষৰ ডিচেম্বৰত এখন ৰাজপত্ৰিত জাননীৰ যোগেদি অসমক কেন্দ্ৰীয় চৰকাৰে ILP ব্যৱস্থাৰ পৰা আঁতৰাই আনিছে।

ইয়াৰোপৰি এই প্ৰতিবেদনত অসম বিধানসভা আৰু লোকসভাত দুই তৃতীয়াংশ আসন খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণ কৰিবলৈও পৰামৰ্শ প্ৰদান কৰিছে। ইয়াৰোপৰি ১৬ শতাংশ আসন অনুসূচিত জাতি আৰু জনজাতিৰ কাৰণে সংৰক্ষণ কৰাৰ পৰামৰ্শত সহমত পোষণ কৰিছে ১০জন সদস্যই। বাকী তিনিজন সদস্যই ১০০ শতাংশই সংৰক্ষণ হোৱাটো বিচাৰিছে।

অসমত উচ্চ সদনৰ লগতে ৰাজ্য চৰকাৰৰ অধীনৰ চাকৰিৰ ক্ষেত্ৰত খিলঞ্জীয়াৰ কাৰণে ৮০ শতাংশ সংৰক্ষণ কৰাৰো পৰামৰ্শ প্ৰদান কৰা হৈছে প্ৰতিবেদনত। অসমীয়া আৰু খিলঞ্জীয়া ভাষাসমূহৰ উত্তৰণৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰো পৰামৰ্শ প্ৰদান কৰিছে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কমিটীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in