৬নং দফাৰ পৰামৰ্শৰ প্ৰতিবেদন সাজু; ল’বলৈ আজৰি নাই গৃহমন্ত্ৰীৰ, নে কমিটীৰ পৰামৰ্শক লৈ লাগিছে লেঠা…

৬নং দফাৰ পৰামৰ্শৰ প্ৰতিবেদন সাজু; ল’বলৈ আজৰি নাই গৃহমন্ত্ৰীৰ, নে কমিটীৰ পৰামৰ্শক লৈ লাগিছে লেঠা…

ডিজিটেল ডেস্কঃ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিবলৈ পৰামৰ্শ দানৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া কমিটীয়ে চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰিলে যদিও এই প্ৰতিবেদনত থকা পৰামৰ্শৱলীক লৈ সন্তুষ্ট নহয় মোডী চৰকাৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি ইনাৰ লাইন পাৰ্মিট, নিৰ্বাচনত খিলঞ্জীয়াৰ বাবে আসন সংৰক্ষণ, চাকৰি সংৰক্ষণ আদিকে ধৰি কেইবাটাও পৰামৰ্শ প্ৰদান কৰা হৈছে।

এই কমিটীয়ে প্ৰদান কৰা পৰামৰ্শ আখৰে আখৰে পালিম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে ৰাজহুৱাকৈ ঘোষণা কৰাৰ পাছত প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাৰ ১৩ জনীয়া কমিটীখনে দিয়া পৰামৰ্শ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আহিব পৰা জটিলতাই এতিয়া প্ৰতিবেদনখন গ্ৰহণ কৰাত হেঙাৰৰূপে থিয় দিছে বুলি সূত্ৰটোৱে ক'ব খোজে।

ইফালে, গৃহ মন্ত্ৰণালয়ৰ সেউজ সংকেত নথকাৰ বাবেই চূড়ান্ত প্ৰতিবেদনত উত্তৰ পূবৰ দায়িত্বত থকা গৃহ দপ্তৰৰ যুটীয়া সচিব তথা এই উচ্চস্তৰীয় কমিটীৰ সদস্য গৰাকীয়ে প্ৰতিবেদনত চহী নকৰা বুলিও আন এক খবৰ প্ৰকাশ পাইছে।

জানিব পৰা মতে, এই কমিটীখনে আসন সংৰক্ষণৰ ক্ষেত্ৰত দুটা পদ্ধতিৰ অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে। খিলঞ্জীয়া লোকৰ বাবে লোকসভা আৰু বিধানসভাত দুই তৃতীয়াংশ আসন খিলঞ্জীয়াৰ বাবে সংৰক্ষণ আৰু ইয়াৰ উপৰিও ১৬ শতাংশ অনুসূচিত জাতি-জনজাতিৰ বাবে সংৰক্ষণ হোৱাটো বিচাৰিছে।

ৰাজ্য চৰকাৰৰ অধীনস্থ চাকৰিৰ বাবে ৮০ শতাংশ সংৰক্ষণ, ১৯৫১ চনৰ নাগৰিকপঞ্জীৰ অন্তৰ্ভূক্ত লোকসকলৰ সতি-সন্ততিক খিলঞ্জীয়া বুলি গণ্য কৰা আদি পৰামৰ্শ দিয়া হৈছে বুলি প্ৰকাশ। ইফালে আন এক সূত্ৰই এই প্ৰতিবেদনত কি আছে, সেয়া ৰাজহুৱা হোৱা নাই, এক ধাৰণাগত প্ৰচাৰহে চলিছে বুলি দাবী কৰিছে।

সূত্ৰটোৱে লগতে জানিবলৈ দিয়ে যে, যিহেতু অমিত শ্বাহে এই কমিটীৰ পৰামৰ্শ আখৰে আখৰে পালন কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দি থৈছে, সেয়েহে প্ৰতিবেদনত কি আছে সেয়া চালিজাৰি চাই আনুষ্ঠানিকভাৱে এয়া গ্ৰহণ কৰিব। প্ৰয়োজনত চৰকাৰে কমিটীয়ে দিয়া পৰামৰ্শ সালসলনি কৰাৰ বাবে হেঁচা দিব পাৰে নেকি বুলিও এতিয়া চৰ্চা চলিছে।

কিন্তু এতিয়ালৈকে এই কমিটীয়ে জমা দিব বিচৰা প্ৰতিবেদন কেতিয়ালৈ গৃহমন্ত্ৰীয়ে গ্ৰহণ কৰিব সেই সন্দৰ্ভত কোনো তাৰিখ চূড়ান্ত কৰা হোৱা নাই। গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে সদৰী কৰিছিল যে এক ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰি খোদ গৃহমন্ত্ৰীয়ে নিজ হাতে গ্ৰহণ কৰিব এই প্ৰতিবেদন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in