অভয়াকুটি হত্যাকাণ্ডৰ অভিযুক্তক দোষী সাব্যস্ত: ৮ এপ্ৰিলত শাস্তি ঘোষণা কৰিব আদালতে….

অভয়াকুটি হত্যাকাণ্ডৰ অভিযুক্তক দোষী সাব্যস্ত: ৮ এপ্ৰিলত শাস্তি ঘোষণা কৰিব আদালতে….

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ৰাজ্য কঁপোৱা অভয়াকুটি হত্যাকাণ্ডৰ অভিযুক্তক বুধবাৰে দোষী সাব্যস্থ কৰিছে আদালতে । বিগত বৰ্ষৰ ১০ জুনত অভয়াকুটি দুগৰাকী নাৱালিকাক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ।

অভয়াকুটিৰ দুগৰাকী জনজাতি নাৱালিকাক তিনি পাষণ্ডই প্ৰথমে ধৰ্ষণ কৰি হত্যা কৰি পিছত আম গছত ওলমাই থৈছিল আৰু সমগ্ৰ ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলাইছিল । বিগত বৰ্ষৰ ১০ জুনত উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিছত ১১জুনত গছত চিপজৰী লোৱা অৱস্থাত নাৱালিকাদ্বয়ৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু সমগ্ৰ ঘটনাটোৰ তদন্ত বিচাৰি বিভিন্ন দল – সংগঠনে দাবী উত্থাপন কৰিছিল ।

উক্ত ঘটনাৰ পিছতে ১২ জুনত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেৰ্তৃত্বত এচআইটি গঠন কৰা হৈছিল । সম্পৰ্কীয় দুই ভগ্নীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে ১৩ জুনত মৃত নাৱালিকাদ্বয়ৰ ঘৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিল আৰু আৰক্ষীক ঘটনাটোৰ ক্ষীপ্ৰ তদন্ত কৰি সোনকালে চাৰ্জচিট দিবলৈ নিৰ্দেশনা দিছিল ।

আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত চলাই ৭ টা অভিযুক্তক আটক কৰে যদিও মাৰাথন জেৰাৰ অন্তত তিনিজনক মূল অভিযুক্ত হিচাপে চিহ্নিত কৰা হয় । মুল অভিযুক্ত তিনিটা হ'ল ক্ৰমে মুজাম্মেল শ্বেখ (২০) , নছিবুল আলি শ্বেখ (১৯ ) আৰু ফৰিজুল ৰহমান(২২) । অভিযুক্তই তেওঁলোকৰ দোষ স্বীকাৰ কৰিছিল আৰু উক্ত ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত , বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণইয়ে সংবাদমেল সম্বোধন কৰি দোষীয়ে যাতে আইন অনুসৰি শাস্তি পায় তাৰ বাবে আৰক্ষীয়ে যাৱতীয় তথ্য প্ৰমান আদালতত জমা দিব বুলি ঘোষণা কৰিছিল ।

হাইভল্টেজ উক্ত ঘটনাৰ তদন্তত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেৰ্তৃত্বত গঠন হোৱা এচআইটিয়ে তদন্ত প্ৰক্ৰিয়া নিখুত কৰিবলৈ পানী নসৰকা পদ্ধতি প্ৰথমৰ পৰা অৱলম্বন কৰিছিল । আৰক্ষীয়ে বৰপেটাস্থিত ফকৰুদ্দিন আলি চিকিৎসা মহাবিদ্যালয়ৰ অভিজ্ঞ চিকিৎসকৰ দলৰ দ্বাৰা ১২ টা বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মৃত দুই নাৱালিকাৰ মৰণোত্তোৰ পৰীক্ষা সম্পাদন কৰিছিল আৰু মৰণোত্তোৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতে তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তোলে।

তদুপৰি আৰক্ষীয়ে বিশেষভাৱে মোবাইলৰ কল লিষ্ট পৰীক্ষা কৰি তদন্ত আগবঢ়াই নিয়ে আৰু প্ৰথমে পাঁচটা আৰু পিছত আন দুটা অভিযুক্তক আটক কৰে । ইয়াৰে তিনিটাক আৰক্ষীয়ে তথ্য প্ৰমাণৰ ভিত্তিত মুল অভিযুক্ত হিচাপে চিহ্নিত কৰে আৰু সেই মতে তদন্তৰ অন্তত গোচৰ নং ৪৪০/২০২১ ৰ বিপৰীতে ৫২ পৃষ্ঠাৰ চাৰ্জচিট আদালতত দাখিল কৰে ।

ইয়াৰ মাজতে উক্ত ঘটনাৰ মূল অভিযুক্ত ফৰিজুল ৰহমান আৰক্ষীক জংঘলৰ মাজত লুকুৱাই থোৱা মোবাইল দেখুৱাবলৈ গৈ পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ দ্বাৰা গুলীবিদ্ধ হৈছিল । উক্ত ঘটনাই ৯ মাহ অতিক্ৰম কৰাৰ পিছত বুধবাৰে কোকৰাঝাৰ বিশেষ আদালতৰ চি. চতুৰ্বেদীৰ আদালতে তিনি অভিযুক্তক দোষী সাব্যস্ত বুলি ঘোষণা কৰিছে ।

আদালতে গোচৰ নং ৪৪০/২১ আৰু বিশেষ গোচৰ নং ৩২/২১ গোচৰত চি চতুৰ্বেদীৰ আদালতে অভিযুক্তক দোষী সাব্যস্ত বুলি ৰায়দান কৰে যদিও শাস্তিৰ পৰিমান ৮ এপ্ৰিলত ঘোষণা কৰিব । আদালতে অভিযুক্ত মুজাম্মেল শ্বেখ (২০) , নছিবুল আলি শ্বেখ (১৯ ) আৰু ফৰিজুল ৰহমান(২২)ক ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ (ডি), ৩৭৬(ডিএ), ১২০(বি), ৩০২(এ১, এ২ , এ৩) ধাৰাৰ অধীনত অধীনত দোষী সাব্যস্ত কৰিছে ।

ইয়াৰোপৰি পকচো আইনৰ ৬ নং ধাৰা , এচ চি আৰু এচটি এক্ট মতেও অভিযুক্তক দোষী সাব্যস্ত কৰিছে আৰু অহা ৮ এপ্ৰিলত দোষীৰ শাস্তি ঘোষণা কৰিব বুলি সদৰি কৰিছে বিশেষ পাব্লিক প্ৰসিকিউটৰ মঞ্জিত ঘোষে । তিনি মূল অভিযুক্তৰ ফাঁচী হয়নে যাব্বজীৱন কাৰাদণ্ড হয় সেয়া অহা ৮ এপ্ৰিলত হে স্পষ্ট হৈ পৰিব যদিও বিষয়টোক লৈ জনসাধাৰণৰ মাজত আগতীয়া চৰ্চা অব্যাহত আছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in