স্বাধীনতাৰ উম

স্বাধীনতাৰ উম

মানৱ সভ্যতাৰ বাবে ৭১ বছৰ দীঘলীয়া সময় নহয়। কিন্তু এখন ৰাষ্ট্ৰৰ বাবে ই যথেষ্ট দীঘলীয়া সময়। দেশ আৰু ৰাষ্ট্ৰ একে নহয়। সকলো ৰাষ্ট্ৰই দেশ। কিন্তু সকলো দেশেই ৰাষ্ট্ৰ নহয়। প্ৰতিখন ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ৰাষ্ট্ৰীয় সীমা, ৰাষ্ট্ৰীয় নাগৰিক, ৰাষ্ট্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব থাকিবই লাগিব। প্ৰতিখন দেশৰেই যদিও নিৰ্দিষ্ট সীমান্ত, নিজ জনসংখ্যা আৰু দেশখন চলোৱা চৰকাৰ থাকে কিন্তু সাৰ্বভৌমত্ব নাথাকে। সাৰ্বভোমত্ব থাকে মাথোন ৰাষ্ট্ৰৰহে অৰ্থাৎ স্বাধীন দেশবোৰৰহে।

এখন স্বাধীন দেশৰ বাবে ৭১ বছৰ যথেষ্ট দীঘলীয়া সময়, বিশেষকৈ আধুনিক যুগত। পৌৰাণিক অথবা মধ্যযুগত যিবোৰ কাম হ'বলৈ ১০০ বছৰ লাগিছিল, আধুনিক যুগত সেইবোৰ হ'বলৈ ১০ বছৰেই নলগা হ'ল। আজিৰ অত্যাধুনিক যুগত তেনে বহু কাম হ'বলৈ এবছৰেই নালাগে। কিছু কামৰ বাবেতো এখন্তেকেই নালাগে।

এখন স্বাধীন দেশৰ সাৰ্বভৌমত্ব থাকে বাবেই এই কামবোৰ কৰিবলৈ বিশেষভাৱে সুবিধাজনক। সাৰ্বভৌমত্ব থাকে বাবেই একোখন স্বাধীন দেশ এখন ৰাষ্ট্ৰ, য'ত ৰাষ্ট্ৰশক্তিয়ে ৰাষ্ট্ৰৰ বাহিৰৰ শক্তিৰ খবৰদাৰীলৈ কেৰেপ নকৰি স্বাধীনচিতীয়াভাৱে কামবোৰ কৰিব পাৰে। অৱশ্যে যি খুচি তাকে নহয়; দোষণীয় নহয় বুলি সভ্য জগতত বিবেচিত কামবোৰহে। সাৰ্বভৌমত্ব যিহেতু দেশীয় স্বাধীনতাৰ জৰিয়তেই অৰ্জন কৰা হয় সেইবাবেই দেশীয় স্বাধীনতাৰ গুৰুত্ব অপৰিসীম আৰু সেইবাবেই প্ৰতিখন দেশৰ বাবে দেশৰ স্বাধীনতা দিৱস সবাতোকৈ গুৰুত্বপূৰ্ণ উপলক্ষ হোৱা উচিত।

এইখিনিতেই প্ৰশ্ন উঠে- কাৰ বাবে এই গুৰুত্ব? এখন সমাজ এটা অবিভক্ত সত্তা নহয়। শোষক-শোষিত, শাসক-শাসিত- এই বিভাজনেৰে প্ৰতিখন সমাজ বিভক্ত। ফলত স্বাধীনতা দিৱসৰ গুৰুত্ব এই বিভাজনেৰেই বিভক্ত। দেশৰ স্বাধীনতাই সমাজখনৰ কাক কি দিছে সেইটোৰ ওপৰতেই নিৰ্ভৰ কৰে কোনে স্বাধীনতা দিৱসক কেনে গুৰুত্বৰে চাইছে সেইটো।

বৰ্তমানৰ ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ। আধুনিক যুগত স্বাধীনতা দিৱসৰ সৈতে গণতান্ত্ৰিক প্ৰমূল্যৰ কথাটোও বিশেষভাৱে জড়িত হৈ পৰিল। প্ৰাচীন অথবা মধ্যযুগত এখন স্বাধীন দেশ কেনে সবল-সুঠাম সমাজ ব্যৱস্থাপন্ন, য'ত গণতান্ত্ৰিক তথা মানৱীয় প্ৰমূল্যই উচিত গুৰুত্ব পাইছে- সেইটো অপৰিহাৰ্য নাছিল। কাৰণ তাৰ বাবে প্ৰয়োজনীয় গণসেচতনতাই সমাজত নাছিল। গণতান্ত্ৰিক তথা মানৱীয় প্ৰমূল্যৰ বিকাশেই আধুনিক যুগৰ প্ৰাণশক্তি। সেইবাবেই আধুনিক যুগত এখন ৰাষ্ট্ৰ সামৰিক দিশত কিমান শক্তিশালী তাৰ ওপৰতেই ই সভ্যতাৰ বিকাশত কিমান আগবঢ়া সেইটো নিৰ্ভৰ নকৰে। লগতে সেই ৰাষ্ট্ৰশক্তিয়ে নিজ প্ৰজাবৰ্গক গণমুখী আদৰ্শৰে কিমান উদ্ধুদ্ধ কৰিব পাৰিছে আৰু জনকল্যাণ সাধন কৰিছে সেইটোহে গুৰুত্বপূৰ্ণ।

কুৰি শতিকাত সকলোতকৈ শক্তিশালী সামৰিক শক্তি গঢ়ি উঠিছিল নাজীবাদী হিটলাৰৰ জাৰ্মানীত। কিন্তু ফেচীবাদী হিটলাৰৰ জাৰ্মানীক আধুনিক সভ্যতাৰ এটা উৎকৃষ্ট দুষ্টান্ত বুলি সভ্য জগতে গ্ৰহণ কৰাৰ সলনি ঘৃণ্য দৃষ্টান্ত হিচাপেহে গ্ৰহণ কৰে, সেই ফেচিষ্ট ব্যৱস্থা অতি উৎপাদনক্ষম হোৱা সত্ত্বেও। স্বাধীনতা দিৱসৰ প্ৰতি দেশৰ সাধাৰণ ৰাইজৰ শ্ৰদ্ধা-আদৰ কিমান তালৈ চকু দিলেই দেশৰ স্বাধীনতাই সেই সাধাৰণ ৰাইজৰ কিমান কল্যাণ সাধন কৰিছে তাক ধৰিব পাৰি। স্বাধীনতাৰ সুফল দেশবাসীৰ কোনে কিমান লাভ কৰিছে, তাৰ প্ৰতিফলন স্বাধীনতা দিৱসে কাক কিমান আনন্দিত কৰিছে তাতেই ওলাই পৰে।

দেশৰ শাসক শ্ৰেণীক স্বাধীনতা দিৱসে আনন্দিত কৰাটো স্বাভাৱিক। কাৰণ স্বাধীনতাই তেওঁলোকক শাসক হোৱাৰ সুবিধা দিল, যি সুবিধা ব্যৱহাৰ কৰি তেওঁলোক ক্ষমতাৰ গৰাকী হ'ল আৰু তেওঁলোকেই উপভোগ কৰি আছে মহাসুখৰ জীৱন। কিন্তু সাধাৰণ ৰাইজৰ মনোভাব কি? ১৯৪৭ চনৰ প্ৰথম স্বাধীনতা দিৱসৰ দিনা ভাৰত তথা অসমৰ শাসকবৰ্গ যেতিয়া নব্যলব্ধ স্বাধীনতাক লৈ উৎসাহ-আনন্দত মচগুল হৈ আছিল, তেতিয়া সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যিক বিষ্ণুপ্ৰসাদ ৰাভাকে ধৰি গণনেতাসকল গৰজি উঠিছিল- 'ইয়ে আজাদী ঝুথা হেই!' কাৰণ? 'দেশ কি জনতা ভুখা হেই'।

ইতিমধ্যে ৭০ বছৰ পাৰ হ'ল। ভাৰত এতিয়া অতি উন্নত দেশৰ শাৰীত স্থান লাভ কৰিছে বুলি আমাৰ শাসক শ্ৰেণীয়ে গৰ্বৰে ঘোষণা কৰিছে। এইটো সঁচা যে, সাম্প্ৰতিক কালত ভাৰতত যিমান ক্ষিপ্ৰ গতিৰে আৰু বিয়াগোম সংখ্যাৰে কোটিপতি ওলাব ধৰিছে সেইটো, বিশ্বৰ আন কোনো ৰাষ্ট্ৰতেই ঘটা নাই। মুকেশ আম্বানিৰ দৰে বৃহৎ পুঁজিপতিয়ে বিশ্বৰ সবাতোকৈ ধনীসকলৰ শাৰীত স্থান লাভ কৰিছে।

কিন্তু এমুঠি কোটিপতিৰ স্বাৰ্থপূৰণৰ বাবেই ভাৰতত স্বাধীনতা আন্দোলন হৈছিল নেকি? কৃষিপ্ৰধান ভাৰতত এতিয়া দিনৌ ঋণগ্ৰস্ত কৃষকে আত্মহত্যা কৰিব ধৰিছে। ইটোৰ পিছত সিটো দেশৰ ৰাইজৰ ধনেৰে সজা বিশাল উদ্যোগ শাসকে ধ্বংসৰ মুখত পেলাইছে। চৰকাৰে 'জবলেছ গ্ৰোথ'ৰ নীতি গ্ৰহণ কৰিছে, ফলত নিৰক্ষৰসকলৰ কথা বাদেই, শিক্ষিত নিবনুৱাৰ সংখ্যাই ভয়ানক ৰূপ ধাৰণ কৰিছে।

বিশ্বৰ বৃহত্তম গণতন্ত্ৰখনত নাৰী, নিম্নবৰ্ণী আৰু সংখ্যালঘুসকলৰ ওপৰত চলোৱা নিৰ্যাতনে লৈছে ভয়ানক ৰূপ। ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ অস্তিত্ব বৃহৎ ৰাষ্ট্ৰীয়তাবাদী আধিপত্যবাদৰ চেপাত পৰিছে। ইন্ধন তথা আন নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য হৈছেগৈ আকাশলংঘী। ফলত দেশৰ সাধাৰণ ৰাইজ স্বাধীনতাৰ উমৰ পৰা হ'ব ধৰিছে বঞ্চিত। আজিৰ স্বাধীনতা দিৱসৰ দিনটোত সাধাৰণ মানুহৰ কিমানৰ ঘৰত সগৌৰৱেৰে পতাকা উৰিছে, তালৈ চকু দিলেই প্ৰকৃত বাস্তৱ ওলাই পৰে। তেনে পতাকাৰ সংখ্যা তাকৰ হৈ আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in