আঞ্চলিকতাবাদৰ স্তম্ভ

আঞ্চলিকতাবাদৰ স্তম্ভ

তামিলনাডুৰ প্ৰচণ্ড শক্তিশালী নেতা, অৰ্ধশতিকাজুৰি ৰাজ্যখনৰ অন্যতম প্ৰধান আঞ্চলিক দল দ্ৰাবিড় মুন্নেত্ৰা কাঝাঘাম (ডি এম কে)ক অবিসম্ববাদী নেতৃত্ব প্ৰদান কৰা মুথুৱেল কৰুণানিধিৰ নশ্বৰদেহ বুধবাৰে মেৰিনা বীচ্চত, তেওঁৰ ৰাজনৈতিক পথদ্ৰষ্টা আন্নাডুৰাইৰ সমাধিস্থলীৰ কাষত সমাধিস্থ হোৱাৰ লগে লগে দেশৰ আঞ্চলিক ৰাজনীতিৰ এক বৈচিত্ৰপূৰ্ণ অধ্যায় ইতিহাস হ'ল।

দক্ষিণত এইজনা নেতা সুস্থ-সবল হৈ থকা অৱস্থাত কেৱল তামিলনাডুতে নহয়, সমগ্ৰ দেশৰ আঞ্চলিক ৰাজনৈতিক শক্তিবোৰক তেওঁৰ অৱস্থানে প্ৰদান কৰিছিল অসমান্য শক্তি আৰু এক কথাত ক'বলৈ গ'লে কৰুণানিধিৰ ধাৰাটোক অনুসৰণ কৰিয়েই আশী-নব্বৈৰ দশকত দেশৰ বিভিন্ন প্ৰান্তৰ আঞ্চলিক ৰাজনৈতিক শক্তিবোৰৰ উত্থান ঘটিছিল। কেৱল উত্থান ঘটাই নহয়, কৰুণানিধিৰ দৰে শক্তিশালী নেতাৰ বিচক্ষণতাৰ বাবেই আঞ্চলিক ৰাজনৈতিক দলবোৰৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে।

অসম গণ পৰিষদ দলৰ পৰিক্ৰমাতো তামিলনাডুৰ ডি এম কে, অন্ধ্ৰপ্ৰদেশৰ তেলুগু দেশম, পঞ্জাবৰ শিৰোমণি আকালি দলৰ ছাঁ তথা প্ৰভাৱ ৰাজনৈতিক অনুসন্ধিৎসুসকলে লক্ষ্য কৰিছে। লক্ষণীয় কথাটো হ'ল অৰ্ধশতিকাজুৰি কৰুণানিধিৰ ডি এম কেই তামিলনাডুত প্ৰভাৱ শক্তিশালী ৰূপত বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে শাসন ক্ষমতাৰ ক্ষেত্ৰত উত্থান-পতন ঘটিলেও। একেদৰে নব্বৈৰ দশকৰ আৰম্ভণিত উত্থান ঘটা অন্ধ্ৰৰ তেলুগু দেশম পাৰ্টিয়েও নিজৰ প্ৰভুত্বক বহু ঘাত-প্ৰতিঘাতৰ মাজতো অক্ষুণ্ণ ৰাখিছে।

কিন্তু অসম গণ পৰিষদৰ ক্ষেত্ৰত তাৰ ব্যতিক্ৰম ঘটিছে। কিয় এনে হৈছে তাৰ কাৰণ বিচাৰিবলৈ গ'লে দেখা যায় যে ভাৰতৰ দৰে দেশ এখনত আঞ্চলিক ৰাজনৈতিক শক্তিবিলাকক প্ৰভাৱশালীভাৱে জীয়াই ৰাখিবলৈ প্ৰথম চৰ্তটোৱেই হ'ল নেতৃত্বৰ শক্তি তথা বিচক্ষণতা। কৰুণানিধি দিল্লীলৈ কমেই আহিছিল, কিন্তু তেওঁ অৰ্ধশতিকাজুৰি তামিলনাডুত নিজৰ আঞ্চলিক দলটোৰ প্ৰভাৱ বৰ্তাই ৰখাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় ৰাজনীতিৰ গতি নিৰ্ণয়তো এগৰাকী কাণ্ডাৰীৰ ভূমিকা পালন কৰিব পাৰিছিল। একমাত্ৰ ৰাজনৈতিক বিচক্ষণতা আৰু দূৰদৰ্শিতাৰ বাবে।

হিন্দীৰ আগ্ৰাসনৰ বিৰুদ্ধে দ্ৰাবিড়ৰ শক্তি জাগ্ৰত কৰাৰ সংগ্ৰামেৰে ৰাজনীতিত উত্থান ঘটা কৰুণানিধিয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত নিজক সহায় অপৰিহাৰ্য কৰি ৰাখিলেও দ্ৰাবিড়ৰ প্ৰশ্নত আপোচ কৰা নাছিল। ১৯৬৯ চনত ইন্দিৰা গান্ধীৰ সমৰ্থন লৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱা কৰুণানিধিয়ে ১৯৭৪ চনৰ জৰুৰী অৱস্থাৰ বিৰোধিতা কৰে। জৰুৰী অৱস্থাৰ বিৰোধিতা কৰা ডি এম কেই আছিল প্ৰথম দল। ইয়াৰ বাবে কৰুণানিধিয়ে হেৰুৱালগা হৈছিল মুখ্যমন্ত্ৰীৰ আসন। ক্ষমতা হেৰুৱালেও এনে সিদ্ধান্তই কৰুণানিধিক দেশৰ ৰাজনীতিত দিলে এখন সুকীয়া আসন।

তৎপৰৱৰ্তী সময়ত তেওঁ বাজপেয়ী আমোলত এন ডি এৰ লগত যেনেকৈ ক্ষমতাৰ অংশীদাৰ হৈছিল, তেনেকৈ ইউ পি এৰ চৰকাৰতো তেওঁৰ দৰ প্ৰভাৱ আছিল তুংগত। ইউ পি এৰ প্ৰথমটো কাৰ্যকালত ১৬ সাংসদ থকা ডি এম কেৰ ৭জনকৈ মন্ত্ৰী। ইউ পি এৰ দ্বিতীয় কাৰ্যকালতো ১৮গৰাকী সাংসদৰ মাজৰ ৫গৰাকী মন্ত্ৰী। ৰাষ্ট্ৰীয় ৰাজনীতিত সময়সাপেক্ষে স্থিতিৰ পৰিৱৰ্তন কৰিলেও ৫ বাৰকৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱা কৰুণানিধি আছিল দ্ৰাবিড়ৰ নেতা।

অন্ধ্ৰপ্ৰদেশত এন টি ৰামাৰাৱে প্ৰতিষ্ঠা কৰা তেলুগু দেশম পাৰ্টিৰ ক্ষেত্ৰতো পৰৱৰ্তী নেতা এম চন্দ্ৰবাবু নাইডুৱে প্ৰদান কৰিছে একেই নেতৃত্ব। বহু প্ৰত্যাহ্বান সত্ত্বেও তেওঁ দলটোক তুলি ধৰি ৰাখিবলৈ সক্ষম হৈছে একমাত্ৰ অন্ধ্ৰপ্ৰদেশক লৈ আপোচহীন স্থিতিৰ বাবে। বিজেপিৰ বৰ্তমানৰ প্ৰবল প্ৰতিপত্তিৰ সময়ত নাইডুৰ টি ডি পিয়ে এন ডি এ ত্যাগ কৰিছে অন্ধ্ৰক বিশেষ ৰাজ্যৰ মৰ্যাদা নিদিয়াৰ প্ৰতিবাদত। কিন্তু অগপই সেই দৃঢ়তা, একতা আৰু বিচক্ষণতা প্ৰদৰ্শনত ব্যৰ্থ হোৱা বাবেই দলটোৰ প্ৰভাৱ আৰু বিশ্বাসযোগ্যতা বহু পৰিমাণে কমিছে।

ক্ষমতাৰ ক্ষেত্ৰত উত্থান-পতন সকলো হালি নপৰাকৈ থাকে। কিন্তু অগপ ৯০ত প্ৰথমবাৰ ক্ষমতাচ্যুত হোৱাৰ পিছতে ইয়াৰ নেতৃত্ব সোলোক-ঢোলোক হ'লেই। দলটোৰ শীৰ্ষৰ অধিকাংশ নেতাই কেৱল নিজৰ স্বাৰ্থত নতুন দল গঠন কৰিলে। কেৱল ইমানেই নহয়, থলুৱা জাতীয়তাবাদৰ ভিত্তিত উত্থান হোৱা অগপই জাতীয় প্ৰশ্নবিলাকতে আপোচ কৰিবলৈ ল'লে। আজিলৈকে এনে পদস্খলনৰ ৰেশ মাৰ যোৱা নাই। ফলত অসমত আঞ্চলিকতাবাদৰ সাংঘাতিক প্ৰাসংগিকতা থকাৰ পিছতো দলটোৱে বিশেষ গা কৰিব পৰা নাই। ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰয়োজন সাপেক্ষে কাৰ লগত বুজাবুজি কৰিছে, সেইটো ডাঙৰ কথা নহয়, অসমৰ ক্ষেত্ৰত লোৱা ভূমিকাইহে অগপক ৰক্ষা কৰিব। কৰুণানিধি, চন্দ্ৰবাবুৰ দৰে নেতাৰ বিচক্ষণতা আহৰণ কৰিব পৰাৰ ওপৰতে নিৰ্ভৰ কৰিব দলটোৰ ভৱিষ্যৎ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in