অসম চুক্তিৰ ৬ নং দফা সম্পৰ্কীয় সমিতি, অধ্যক্ষ মদন প্ৰসাদ বেজবৰুৱাৰো পদত্যাগ

অসম চুক্তিৰ ৬ নং দফা সম্পৰ্কীয় সমিতি, অধ্যক্ষ মদন প্ৰসাদ বেজবৰুৱাৰো পদত্যাগ

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী উত্তাল প্ৰতিবাদক প্ৰসমিত কৰিবলৈ অসম চুক্তিৰ ৮ নং দফা ৰূপায়নেৰে খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সমিতি গঠনৰ যি চালাকী কৰিছিল, সেয়াও অৱশেষত প্ৰায় ব্যৰ্থ হৈছে। উল্লেখযোগ্য যে, কেন্দ্ৰীয় গৃহ দপ্তৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুটীয়া সচিব জীতেন্দ্ৰ গাৰ্গক সদস্য সচিব হিচাপে আৰু অসমৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ আমোলা মদন প্ৰসাদ বেজবৰুৱাক অধ্যক্ষৰূপে লৈ চুক্তিৰ ৩৩ বছৰ পাছত ইয়াক ৰূপায়নৰ বাবে ৬জনীয়া যি সমিতি গঠন কৰিছিল, সেই সমিতিক প্ৰথম দিনাই সদৌ অসম ছাত্ৰ সন্থাই এক প্ৰকাৰ নাকচ কৰিছিল। এয়া অসমবাসীক আভোৱাভাৰা পদক্ষেপৰ লগতে গভীৰ অভিসন্ধিমূলক বুলিও বিভিন্ন দল-সংগঠনে মন্তব্য কৰিছিল।

ইফালে, উক্ত সমিতিৰ সদস্যৰূপে ৰাজ্যৰ মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোঁহাই জীতেন্দ্ৰ গাৰ্গৰ লগত বৃত্তিগত দায়ৱদ্ধতাৰ বাবে থাকিব লগা হ'লেও, আন সদস্যসকলে এজনৰ পিছত আন এজনকৈ উক্ত সমিতিৰ পৰা পদত্যাগ কৰিছে। পদত্যাগৰ আৰম্ভণি কৰে প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিদ, ৰাজ্যসভাৰ প্ৰাক্তন সদস্য তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন শইকীয়াই। নগেন শইকীয়াই পদত্যাগ কৰাৰ পাছতেই আন দুগৰাকী সদস্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং আৰু বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক মুকুন্দ ৰাজবংশীয়ে পদত্যাগ কৰে।

আনহাতে, আন এগৰাকী সদস্য তথা এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাই পোনপটীয়াকৈ পদত্যাগ নকৰিলেও মুকলিভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ উপৰিও উক্ত সমিতিৰ বৈঠকত তেওঁৰ বক্তব্য বলিষ্ঠভাৱে উপস্থাপন কৰিব বুলি মত প্ৰকাশ কৰিছিল। এনে পৰিস্থিতিতেই বাকী কেইগৰাকী সদস্যই পদত্যাগ কৰাৰ পূৰ্বে ততাতৈয়াকৈ মাঘ বিহুৰ উৰুকাৰ দিনাই সমিতিখনৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ বাবে জীতেন্দ্ৰ গাৰ্গৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে এক প্ৰচেষ্টা চলাইছিল। কিন্তু দিল্লীৰ অভিসন্ধিমূলক এই পদক্ষেপক এক প্ৰকাৰ ৰামটাঙোন সোধাই শুকুৰবাৰে নিশা সমিতিখনৰ অধ্যক্ষৰূপে মনোনীত মদন প্ৰসাদ বেজবৰুৱাই পদত্যাগ কৰা বুলি জানিব পৰা গৈছে। ফলত এতিয়া ৮জনীয়া সমিতিখনত ২ চৰকাৰী মুৰব্বীৰ বাহিৰে সুভাষ দাস আৰু চৰ্ত সাপেক্ষে ধীৰেন্দ্ৰনাথ বেজবৰুৱাহে থাকিলগৈ।

এনে পৰিস্থিতিত উৰুকাৰ দিনা অনুষ্ঠিত কৰিবলৈ লোৱা অসম চুক্তিৰ ৬ নং দফা সম্পৰ্কীয় বৈঠকৰ অৱশিষ্ট সম্ভাৱনা কণো নোহোৱা হ'ল। এনেদৰেই শাসকীয় বিজেপি দলে কুটীল ৰাজনৈতিক পদক্ষেপেৰে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে গ্ৰহণ কৰিবলৈ লোৱা প্ৰতিটো পদক্ষেপতে মুখথেকেচা খাব লগা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in