নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত…

নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত…

ডিজিটেল সংবাদ নগাওঁঃ অসম নাট্য সন্মিলনৰ নগাঁও অধিবেশনখনি সাময়িক ভাবে স্থগিত ৰখা হৈছে ৷ ২১ জানুৱাৰীৰ পৰা নাট্য সন্মিলনৰ কেন্দ্ৰীয় অধিৱেশনখনি নগাঁৱত অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ ৬০ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছিল ৷ কিন্তু কোভিডৰ কাৰনে বুধবাৰে অধিবেশন স্থগিত ৰখাৰ সিদ্ধান্ত লয় সন্মিলনে ৷

২৪ জানুৱাৰীলৈকে নগাঁৱৰ নেহৰুবালিত এই অধিবেশনখনি অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ কোভিড পৰিস্থিতি উপশম হ'লে মাৰ্চ মাহৰ শেষ সপ্তাহত বা এপ্ৰিল মাহৰ প্ৰথমতে অধিবেশন খনি অনুষ্ঠিত কৰিব ৷ অৱশ্যে অধিবেশনৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ তত্বাবধানত অনুষ্ঠিত হ'বলগা নাট্য কৰ্মশালাখনি কোভিড বিধি মানি অনুষ্ঠিত কৰিব বুলি সন্মিলনৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয় আৰু অভ্যৰ্থনা সমিতিৰ মুখ্য সম্পাদক সন্তৰাম দাসে জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in