অসম-মিজোৰামৰ বিবাদমান সীমান্তৱৰ্তী অঞ্চলৰ দায়িত্ব ল’লে চি আৰ পি এফে…

অসম-মিজোৰামৰ বিবাদমান সীমান্তৱৰ্তী অঞ্চলৰ দায়িত্ব ল’লে চি আৰ পি এফে…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ হস্তক্ষেপত অসম-মিজোৰাম বিবাদমান সীমান্তৱৰ্তী অঞ্চলৰ দায়িত্ব লৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে। চি আৰ পি এফৰ মহাপৰিদৰ্শক চৰবজিত সিং আৰু আৰু সহকাৰী অধিনায়ক এছ কে বাসু সীমান্তৱৰ্তী অঞ্চলত উপস্থিত হৈ বুধবাৰে এই অঞ্চলটোৰ দায়িত্ব গ্ৰহণ কৰে।

চি আৰ পি এফৰ উচ্চ পদস্থ বিষয়া দুজনে দয়াপুৰত থকা চি আৰ পি এফৰ শিবিৰত পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ এক উচ্চস্তৰীয় বৈঠকতো মিলিত হয়। অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলৰ অসম আৰু মিজোৰামৰ দুয়োজন ৰাজ্যৰ বিবাদমান অঞ্চলৰ পৰা সংশ্লিষ্ট ৰাজ্যৰ আৰক্ষী বাহিনী অতৰাঁই পঠোৱা হৈছে।

চি আৰ পি এফে এই অঞ্চলটো সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণত ৰাখিছে। মিজোৰামৰ সীমান্তৱৰ্তী কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ অন্তৰ্গত এই বিবাদমান অঞ্চলৰ পৰা সীমান্ত নিৰাপত্তা চকী সমূহ উঠাই দিয়া হৈছে। উল্লেখ্য যে, হাইলাকান্দিত ১০০০হেক্টৰ, কাছাৰত ৪০০হেক্টৰ কৰিমগঞ্জত ৩৭৭হেক্টৰ অসমৰ ভূমি ইতিমধ্যে মিজোৰামে দখল কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in