অসম জাতীয় বিদ্যালয়ত প্ৰতীকি উৰুকা উদযাপন…

ফটোঃ চিন্ময় ৰয়
ফটোঃ চিন্ময় ৰয়

ডিজিটেল ডেস্কঃ কাইলৈ উৰুকা। বিগত বৰ্ষ সমূহৰ দৰেই এইবাৰো অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয় মেজি জ্বলোৱা পৰ্ব। শনিবাৰে অসম জাতীয় বিদ্যালয়ৰ চৌহদত ছাত্ৰ-ছাত্ৰীক ভোগালী বিহুৰ মেজি দাহৰ তাৎপৰ্য বুজাবলৈ এক মুকলি সভাৰো আয়োজন কৰা হয়। পুৱা ৯ বজাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা মেজি জ্বলোৱা হয়। তাৰপাছতেই মেজি দাহৰ তাৎপৰ্য সম্পৰ্কে বুজোৱা হয় ছাত্ৰ-ছাত্ৰীসকলক।

প্ৰতি বছৰেই উৰুকাৰ আগৰ দিনটোত অসম জাতীয় বিদ্যালয়ে অনুষ্ঠিত কৰে মেজি দাহ পৰ্ব। শনিবাৰে মেজিৰ তলত পৰম্পৰাগতভাৱে সেৱা জনাই ছাত্ৰ-ছাত্ৰীসকলে। মেজি জ্বলোৱাৰ সময়ত বিদ্যালয়খনত এক সুন্দৰ পৰিৱেশে বিৰাজ কৰে। মহানগৰীৰ ছাত্ৰ-ছাত্ৰীসকলে সততে দেখিবলৈ নোপোৱা কিছু পৰম্পৰা প্ৰদৰ্শন কৰি পুথিগত শিক্ষাৰ লগতে অসমীয়া সমাজ-সংস্কৃতিৰ বিভিন্ন দিশসমূহৰ লগতো তেওঁলোকক পৰিচয় কৰোৱা হয়।

ফটোঃ চিন্ময় ৰয়
ফটোঃ চিন্ময় ৰয়

বিদ্যালয়খনৰ প্ৰাংগনত এটা ভেলাঘৰ আৰু এটা মেজি সাজি উলিওয়াই বিদ্যালয় ছাত্ৰ-ছাত্ৰীসহ কৰ্তৃপক্ষই। সুশৃংখলিতভাৱে আয়োজন কৰা এই অনুষ্ঠানত যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয়, সেই দিশতো বিশেষ দৃষ্টি ৰাখিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই। ছাত্ৰ-ছাত্ৰীসকলৰ এই উৎসৱমুখৰ পৰিৱেশৰ মাজত যাতে কোনো ক্ষয়ক্ষতি নহয় তাৰ বাবে ভেলাঘৰ আৰু মেজিটোৰ চাৰিওদিশে এখন সুৰক্ষা দেৱালো বনোৱা হয়।

ফটোঃ চিন্ময় ৰয়
ফটোঃ চিন্ময় ৰয়

অসম জাতীয় বিদ্যালয়ত মেজি জ্বলোৱা পৰ্বৰ আয়োজন কৰি বিদ্যালয়খনৰ অধ্যক্ষ ঘণশ্যাম মেধিয়ে হাতত বৰ তাল লৈ 'শংকৰ গুৰু আমাৰে, মাধৱ গুৰু আমেৰে' শীৰ্ষক নাম পৰিৱেশন কৰি ছাত্ৰ-ছাত্ৰীক আমোদ দিয়ে আৰু বিদ্যালয়খনত বিৰাজ কৰে এক আনন্দ-উচাহৰ পৰিৱেশ। বিদ্যালয় অধ্যক্ষগৰাকীক বিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্তৃপক্ষই হাত চাপৰি বজাই সহযোগ কৰে।

মেজি জ্বলোৱাৰ পূৰ্বে অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসহ বিদ্যালয়ৰ অধ্যক্ষক, ৰেক্টৰ, সচিব আটাইয়ে মিলি ধূপ-ধূণা জ্বলাই সেৱা লয়। ভোগালী বিহুৰ আনন্দৰ মাজেৰেই অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰে নৱ প্ৰজন্মক চিনাকি কৰি দিয়াতোৱেই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য।

সেৱা জনোৱাৰ পাছতেই সম্পূৰ্ণ নীতি-নিয়মেৰে মেজি আৰু ভেলাঘৰটো দাহ কৰা হয়। জ্বলি উঠা মেজিটোৰ চাৰিওদিশে থিয় হৈ সকলোৱে অগ্নি দেৱতাক শ্ৰদ্ধা নিবেদন কৰে। আৰু অৱশেষত মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়।  ইফালে, মেজি জ্বলোৱাৰ পাছতেই সকলোৰে মাজত বিতৰণ কৰা হয় মাহ-প্ৰসাদ।

এনেদৰেই উৰুকাৰ আগৰ দিনটোত অসম জাতীয় বিদ্যালয়ত আনন্দ-উছাহৰ মাজতে শৃংখলাৱদ্ধতাৰে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক উৰুকাৰ তাৎপৰ্য সম্পৰ্কে বাখ্যা কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in