মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত আৰ্শীষ ল’লে লুৰিণজ্যোতি সহ এজেপি নেতৃত্বই …

মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত আৰ্শীষ ল’লে লুৰিণজ্যোতি সহ এজেপি নেতৃত্বই …

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানত লেটেকুপুখুৰীত উপস্থিত হৈ আৰ্শীষ গ্ৰহণ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সহ এজেপি নেতৃত্বই । দলীয় কাৰ্যসূচী লৈ লখিমপুৰৰ পৰা গহপুৰ অভিমুখে আহি থকাৰ পথত নেতা গৰাকী সদলবলে মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত উপস্থিত হৈ আৰ্শীষ গ্ৰহণ কৰে ।

আৰ্শীষ গ্ৰহণ কৰি নেতা গৰাকীয়ে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ পবিত্ৰ জন্মভূমিক সৰ্বাংগসুন্দৰ ৰূপত গঢ়ি তুলিব বুলি ঘোষণা কৰে সংবাদ মাধ্যমৰ আগত । বিহপুৰীয়া নগৰৰ পৰা দলীয় কৰ্মী-সমৰ্থকৰ কেবাশতাধিক বাইকেৰে ৰেলী কৰি মাধৱদেৱৰ জন্মস্থানলৈ আদৰি অনা নেতা গৰাকীক সংগ দিয়ে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰী,সাংগঠনিক সম্পাদক অচ্যুত শইকীয়া,উপ-সভাপতি হৰেন চুতীয়া,গোলাপ শইকীয়া প্ৰমুখ্যে বহু কেইগৰাকী কেন্দ্ৰীয় নেতাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in