সদৌ অসম বাৰ্তাজীৱী সংঘ আৰু সদৌ অসম সংবাদকৰ্মী সন্থাৰ উদ্যোগত ৰাজ্যিক সাংবাদিক-সংবাদকৰ্মী সন্মিলন, ২০২০…

সদৌ অসম বাৰ্তাজীৱী সংঘ আৰু সদৌ অসম সংবাদকৰ্মী সন্থাৰ উদ্যোগত ৰাজ্যিক সাংবাদিক-সংবাদকৰ্মী সন্মিলন, ২০২০…

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেওবাৰে অনুষ্ঠিত হয় সদৌ অসম বাৰ্তাজীৱী সংঘ আৰু সদৌ অসম সংবাদকৰ্মী সন্থাৰ উদ্যোগত ৰাজ্যিক সাংবাদিক-সংবাদকৰ্মী সন্মিলন, ২০২০। কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্চন হলত অনুষ্ঠিত এই সন্মিলনত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, জ্যেষ্ঠ আধিবক্তা শান্তনু বৰঠাকুৰ, অসম বাৰ্তাজীৱী সংঘৰ সভাপতি কেশৱ কলিতা, সদৌ অসম সংবাদকৰ্মী সন্থাৰ সভাপতি সুদীপ্ত সৰকাৰৰ লগতে বহু বিশিষ্ট লোকে অংশ লয়। অনুষ্ঠানটোত উপস্থিত থাকি শ্ৰম মন্ত্ৰী সঞ্চয় কিষাণে সাংবাদিকসকলে বিভিন্ন সময়ত সন্মুখীন হৈ অহা অসুবিধা সমূহ দূৰ হোৱাটো কামনা কৰে। তেখেতে কয়, শ্ৰম বিভাগে সাংবাদিকসকলৰ উন্নতিৰ বাবে যি কাম কৰাৰ প্ৰয়োজন আছে সেই কাম কৰিবলৈ তেওঁ প্ৰস্তুত আছে।

অনুষ্ঠানটোত প্ৰায় ১৩ টা প্ৰস্তাৱ সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয় শ্ৰম মন্ত্ৰীগৰাকীক। স্মাৰকপত্ৰখনত সাংবাদিক আৰু সংবাদকৰ্মীসকল বৰ্তমানেও ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত বুলি অভিযোগ কৰে। লগতে মাঝিথিয়া দৰমহা বোৰ্ডৰ পৰামৰ্শাৱলী দেশৰ সকলো কাকত গোষ্ঠীয়ে প্ৰয়োগ কৰাৰো দাবী কৰে। ইফালে স্মাৰকপত্ৰৰ যোগেদি বৈদ্যুতিন সংবাদমাধ্যমৰ সাংবাদিকসকলৰ দৰমহা বৃদ্ধি তথা নূন্যতম মজুৰি আইন মতে দৰমহা আদায় দিয়াৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে। ইয়াৰ লগতে কৰেছপণ্ডেন্টসকলৰ দৰমহা বৃদ্ধিৰ কথাও স্মাৰকপত্ৰত সন্নিৱিষ্ট কৰে।

অসম বাৰ্তজীৱী সংঘৰ সভাপতি কেশৱ কলিতা, সম্পাদক টুটুমণি ফুকন আৰু সদৌ অসম সংবাদকৰ্মী সন্থাৰ সভাপতি সুদীপ্ত সৰকাৰ, সম্পাদক দীপক ভূঞাৰ স্বাক্ষৰ সম্বলিত এই স্মাৰকপত্ৰখনত সন্নিৱিষ্ট অভিযোগ তথা দাবী সমূহ শীঘ্ৰে পুৰণৰ বাবে মন্ত্ৰীগৰাকীক দাবী জনোৱা হয়। উল্লেখ্য যে, দেওবাৰৰ সন্মিলনত উপস্থিত থাকি জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে সাংবাদিকসকলৰ কামকাজৰ প্ৰশংসা কৰে। তেখেতে সাংবাদিকসকলে বিগত বৰ্ষকেইটাত সন্মুখীন হৈ অহা অসুবিধাসমূহৰ কথা কৈ ইয়াৰ পৰা সাংবাদিকসকল মুক্ত হোৱাৰ কামনা কৰে।

দেওবাৰৰ সন্মিলনত বাৰ্তাজীৱী সংঘৰ ১৯ খন জিলাৰ প্ৰতিনিধিয়ে অংশ লয়। বাৰ্তাজীৱী সংঘৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০০ আৰু সদৌ অসম সংবাদকৰ্মী সন্থাৰ প্ৰায় ১০০ সদস্যই অংশ লয়। অসম বাৰ্তজীৱী সংঘৰ সভাপতি কেশৱ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ অন্তত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বাৰ্তাজীৱী সংঘৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ চিনাকি পৰ্ব অনুষ্ঠিত হয়।

সন্মিলনৰ শেষত উপস্থিত সাংবাদিক তথা সংবাদকৰ্মীসকলে কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্চন হলৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবৰ লৈকে বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড হাতত লৈ সমদল কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in