ছয়গাঁৱৰ আচলপাৰাত নৃত্য শিল্পীক আক্ৰমণত সৰৱ অঞ্চলবাসী, দোষীক গ্ৰেপ্তাৰ-শাস্তিৰ দাবীত গৰৈমাৰী-সোণতলীত প্ৰতিবাদ

ছয়গাঁৱৰ আচলপাৰাত নৃত্য শিল্পীক আক্ৰমণত সৰৱ অঞ্চলবাসী, দোষীক গ্ৰেপ্তাৰ-শাস্তিৰ দাবীত গৰৈমাৰী-সোণতলীত প্ৰতিবাদ

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত আচলপাৰাত যোৱা ৭ জুনৰ নিশা ডিস্ক' ধামাকাৰ সাংস্কৃতিক অনুষ্ঠানত পৰিবেশন কৰিবলৈ যোৱা শিল্পীৰ দলে অশ্লীল নৃত্য পৰিবেশন নকৰাৰ বাবে একাংশই খেদি খেদি আক্ৰমণ কৰা ঘটনাক লৈ আজিও সৰ্বত্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে দোষীক শাস্তিৰ দাবীত সৰৱ হৈ পৰিছে বৃহত্তৰ অঞ্চলবাসী৷ ছয়গাঁৱৰ আচলপাৰাৰ নৃত্য শিল্পীক নিৰ্যাতনৰ ঘটনাৰ সৈতে জড়িতক কৰায়ত্তৰ দাবীত মঙলবাৰে গৰৈমাৰী, টপাৰপথাৰ আৰু সোণতলীত ৰাজহ চক্ৰ-আৰক্ষী চকী ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

উল্লেখ্য যে, ছয়গাঁৱৰ আচলপাৰাৰ ই এণ্ড ডি মথাউৰিৰ উত্তৰ অংশৰ সাপ্তাহিক বজাৰ প্ৰাংগণত একাংশ লম্পট যুৱকে যোৱা ৭ জুনৰ দুপৰ নিশা আয়োজন কৰা ডিস্ক' ধামাকাৰ সাংস্কৃতিক অনুষ্ঠানত বকোৰ পৰা আমন্ত্ৰিত শিল্পীয়ে নৃত্য পৰিবেশন কৰা অৱস্থাত একাংশ দৰ্শকে শিল্পীক অশ্লীল নৃত্য পৰিবেশন কৰিবলৈ হেঁচা প্ৰয়োগ কৰে৷

আনহাতে শিল্পীৰ দলটোৱে অশ্লীল নৃত্য পৰিবেশন কৰাৰ বাবে মান্তি নোহোৱাত একাংশ উত্তেজিত দৰ্শক-শ্ৰোতাই শিল্পী দলক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ইপিনে আক্ৰমণত নৃত্য শিল্পীৰ দলটোৰ দুই-এজন আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে দৌৰি দৌৰি গৈ গাড়ীৰে কথমপি প্ৰাণৰক্ষা কৰি পুৱতি নিশা বকো থানাত গৈ উপস্থিত হয়৷ ছয়গাঁৱৰ আচলপাৰাত সাংস্কৃতিক অনুষ্ঠানৰ নামত একাংশ উদণ্ড লোকে শিল্পীক আক্ৰমণ কৰা ঘটনাই ৰাজ্যখনত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টিৰ লগতে সকলোৱে একেমূখে ধিক্কাৰ-গৰিহণা দিছে৷

জানিব পৰামতে দক্ষিণ কামৰূপ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ উদ্যোগত গৰৈমাৰীৰ মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ পৰা মঙলবাৰে দুপৰীয়া ১২-৪০ বজাত ৰাজ্য কঁপোৱা আচলপাৰাৰ নৃত্য শিল্পীক নিৰ্যাতন আৰু দোষীক কৰায়ত্তৰ দাবীত এক প্ৰতিবাদী সমদল উলিয়ায়৷ প্ৰতিবাদকাৰী শিক্ষাৰ্থী-আমছুৰ কৰ্মকৰ্তাসকলে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড আদি লৈ ছয়গাঁৱৰ আচলপাৰাৰ ঘটনাৰ সৈতে জড়িতক কৰায়ত্ত কৰক, দোষীক শাস্তি দিয়ক, শিল্পী সমাজৰ ওপৰত নিৰ্যাতন নচলিব, শিল্পী সমাজক নিৰাপত্তা দিয়ক, অসম আৰক্ষী মুৰ্দাবাদ, অসম আৰক্ষী গ'বেক-হায় হায় আদি শ্ল'গান দি সমদল কৰি আহি গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি অনুৰূপ শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

পিচত দোষীক শাস্তিৰ দাবীত গৰৈমাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ কাৰ্যসূচীত গৰৈমাৰী আল-আমিন ইছলামিক মডেল স্কুল, মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গৰৈমাৰী ছোৱালী হাইস্কুল, টুক্ৰাপাৰা ছোৱালী হাইস্কুল, গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ শিক্ষাৰ্থীৰ উপৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সহকাৰী সাধাৰণ সম্পাদক আবুল কালাম আজাদ, কামৰূপ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ইমদাদ হুছেইন, সাধাৰণ সম্পাদক নুৰুল ইছলাম, সম্পাদক লাল মামুদ, চাম্পুপাৰা আঞ্চলিক সমিতিৰ সভাপতি আফাজউদ্দিন আহমেদৰ উপৰি সংগঠনটোৰ কৰ্মকৰ্তাসকলে অংশ গ্ৰহণ কৰে৷

আনহাতে আচলপাৰাৰ সাংস্কৃতিক অনুষ্ঠানত নৃত্য শিল্পীক কৰা নিৰ্যাতনৰ ঘটনাৰ সৈতে জড়িতসকলক কৰায়ত্তৰ দাবীত টপাৰপথাৰতো মঙলবাৰে দিনৰ ১১-৩০ বজাত শিক্ষাৰ্থীসকলে এখনি প্ৰতিবাদী সমদল উলিয়ায়৷ টপাৰপথাৰৰ ড০ জাকিৰ হুছেইন হাইস্কুল, ছাৰ ছাদুল্লাহ শিশু নিকেতন আৰু ৰেহেনা মেম'ৰিয়েল ছোৱালী হাইস্কুলৰ সহস্ৰাধিক শিক্ষাৰ্থীয়ে জোৰশিমুলী আৰক্ষী চকী ঘেৰাও কৰি দোষীক কৰায়ত্তৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

পিচত প্ৰতিবাদী শিক্ষাৰ্থীসকলে আচলপাৰাৰ ঘটনাৰ সৈতে জড়িত দোষীক শাস্তিৰ দাবীত জোৰশিমুলী আৰক্ষী চকীত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে৷ ইপিনে কামৰূপ জিলা যুৱ উন্নয়ন মঞ্চ, আমছুৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত আচলপাৰাৰ সাংস্কৃতিক অনুষ্ঠানত নৃত্য শিল্পী দলক নিৰ্যাতনৰ ঘটনাত জড়িতক অতিশীঘ্ৰে কৰায়ত্তৰ দাবীত সোণতলীতো মঙলবাৰে এখনি প্ৰতিবাদী সমদল উলিয়ায়৷

প্ৰতিবাদকাৰীয়ে সোণতলী আৰক্ষী চকীৰ সন্মুখৰ ৰাজপথো অৱৰোধ কৰি প্ৰতিবাদ কৰে৷ আনহাতে পপুলাৰ আৰু কেম্পাচ ফণ্ট্ অৱ ইণ্ডিয়াৰ কামৰূপ জিলা সমিতিৰ যৌথ উদ্যোগত আচলপাৰাত শিল্পী সমাজক অপমান কৰা ঘটনাৰ বিৰুদ্ধে গৰৈমাৰীত এখনি প্ৰতিবাদী সমদল উলিয়ায়৷ সংগঠনটোৱে পিচত দোষীক শাস্তিৰ দাবীত গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ জৰিয়তে জিলা উপায়ুক্তলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in