কিয় এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হ’ল হিমা

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ অসুস্থ ধিং এক্সপ্ৰেছ হিমা দাস। কিছুদিন ধৰি তেওঁঁ ভুগি থকা সাধাৰণ পিঠিৰ বিষ এতিয়া বেছি হৈ পৰাত আনকি অনুশীলনৰ পৰাও আতৰি থাকিব লগা হৈছে হিমা দাস। বিষৰ বাবে এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰত হিমা দাসে অংশ লব নোৱাৰিব।

চিকিৎসকে তেওঁক জিৰণি লোৱাৰ পৰামৰ্শ প্ৰদান কৰিছে। উল্লেখ্য যে, অসম গৌৰৱ হিমা দাসে দেওবাৰে দোহাৰ খলিফা ষ্টেডিয়ামত দৌৰৰ অনুশীলন কৰি থকা সময়তে পিঠিৰ বিষৰ বাবে ট্ৰেকৰ ওপৰতে শুই পৰিব লগা হয়। কিছুদিন পূৰ্বৰে পৰা তেওঁ এই তল পিঠিৰ বিষত ভুগি আছিল।

কিন্তু একমাত্ৰ অনুৰাগীসকলৰ কথা ভাৱিয়ে অসুস্থতাৰ প্ৰতি গুৰুত্ব নিদি এছিয়ান এথলেটিক চেম্পিয়নশ্বিপৰ বাবে অনুশীলনত অহৰহ কষ্ট কৰাৰ ফলত তেওঁৰ পিঠিৰ বিষ বৃদ্ধি পায় আৰু দেওবাৰে ২০০ মিটাৰ দৌৰৰ মাজতে অসহ্য যন্ত্ৰনাত ট্ৰেকৰ ওপৰতে শুই পৰে হিমা দাস। এনে পৰিপ্ৰেক্ষিততে চিকিৎসকে হিমা দাসৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰতিযোগিতাত অংশ গ্ৰহণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে।

ইফালে হিমা দাসে ইয়াকে লৈ দুখ প্ৰকাশ কৰি কয়- মোৰ বাবে কষ্ট সাধাৰণ। কিন্তু অনুৰাগীসকলক হতাশ কৰিবলগা হোৱাটোৱে বেদনাদায়ক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in