শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব  •  গৰুখুটিত এতিয়াও সন্ধানহীন কিশোৰীসহ ৪ জনঃ উচ্ছেদিত লোকৰ সা-সামগ্ৰী আৰক্ষীয়ে জুইত জাপি দিয়াৰ অভিযোগ..

আই এছ চিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বিশ্বনাথৰ অস্মিতা দেশৰ ভিতৰতে প্ৰথম..

ডিজিটেল সংবাদ বিশ্বনাথঃ আই চি এছ ই পাঠ্যক্ৰমৰ সদ্য ঘোষিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত বিশ্বনাথ জিলাৰ এগৰাকী ছাত্ৰীয়ে হিউমেনিটি শাখাত(কলা শাখা) ভাৰতৰ ভিতৰতে প্ৰথমস্থান অধিকাৰ কৰি জিলা তথা ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। নিজৰ সফলতাৰে সমগ্ৰ বিশ্বনাথৰ লগতে অসমকো গৌৰৱাম্বিত কৰা ছাত্ৰী গৰাকী হৈছে অস্মিতা কাকতি।

বিশ্বনাথ জিলাৰ বৰগাং চাহ বাগিছাৰ জ্যেষ্ঠ পৰিচালক জ্যোতিৰ্ময় কাকতি আৰু নৱনিতা কাকতিৰ কন্যা অস্মিতা কাকতিয়ে শোণিতপুৰ জিলাৰ বালিপৰাৰ আচাম ভেলী স্কুলৰ পৰা আই চি এছ ই পাঠ্যক্ৰমৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত হিউমেনিটি শাখাত ৯৯.৭৫ শতাংশ নম্বৰ লাভ কৰি ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ কৰে। অস্মিতাই বুৰঞ্জীত ১০০, মনোবিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ১০০, ইংৰাজীত ৯৯ আৰু ৰাজনীতি বিজ্ঞানত ৯৫ নম্বৰ লাভ কৰি এই সফলতা অৰ্জন কৰিছে।

উল্লেখ্য যে সৰুৰে পৰাই যিকোনো বিষয়তে পাৰ্গত অস্মিতাই মেট্ৰিক পৰীক্ষাতো ৯৭.২০ শতাংশ নম্বৰ লাভ কৰি উত্তৰ পূৰ্ৱাঞ্চলৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ভৱিষ্যতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জীত মেজৰ লৈ পঢ়াৰ পৰিকল্পনা থকা অস্মিতাই পৰীক্ষাৰ সময়ত আন ছাত্ৰ ছাত্ৰীৰ দৰে ৮-৯ ঘণ্টা ধৰি পঢ়া নাছিল। অস্মিতাই মাত্ৰ ২ ঘণ্টাকৈ পঢ়িছিল যদিও সেই সময়খিনি অতি মনোযোগৰে পঢ়িছিল আৰু তেনেদৰেই এই সাফল্য লাভ কৰিছিল।

সংগীতৰ প্ৰতি বিশেষ ৰাপ থকা আস্মিতাই পিয়ান’ বজোৱাৰ লগতে বেডমিণ্টন খেলি ভাল পায়। ‘থ্ৰিলাৰ’ আৰু আফগান লেখক খালেদ হুছেইনৰ কিতাপ পঢ়ি ভাল পোৱা অস্মিতাৰ এই সাফল্যত আনন্দিত হৈ পৰিছে তেওঁৰ পিতৃ মাতৃৰ লগতে ককাৱক চন্দ্ৰ মোহন কাকতি। অস্মিতাৰ পিতৃয়ে জানিবলৈ দিয়া মতে অস্মিতাৰ পৰা এনেধৰণৰ সাফল্য আশা কৰিছিল। ইফালে অস্মিতাৰ এই সাফল্যত বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ লগতে ছাত্ৰ সমাজকে ধৰি বিভিন্ন জনে অভিনন্দন জনাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি