আৰ এছ এছ প্ৰধান মোহন ভাগৱতক উভতি ধৰিলে আছাদউদ্দিন ওৱেছিয়ে…

আৰ এছ এছ প্ৰধান মোহন ভাগৱতক উভতি ধৰিলে আছাদউদ্দিন ওৱেছিয়ে…

ডিজিটেল ডেস্কঃ আৰ এছ এছ প্ৰধান মোহন ভাগৱতক এইবাৰ উভতি ধৰিলে আছাদউদ্দিন ওৱেছিয়ে। উত্তৰ প্ৰদেশৰ এখন সভাত আৰ এছ এছ প্ৰধান মোহন ভাগৱতে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ অধীনত 'টু চাইল্ড পলিচি'ক কাৰ্যকৰীকৰণৰ কথা কৈ মন্তব্য কৰিছিল যে, জনসংখ্যা নিয়ন্ত্ৰণ আইন সংঘৰ এজেণ্ডাত আছে। কিন্তু ইয়াৰ ওপৰত সিদ্ধান্ত লব কেন্দ্ৰই।

'টু চাইল্ড পলিচি'ক কাৰ্যকৰীকৰণ প্ৰসংগক লৈ মোহন ভাগৱতৰ শেহতীয়াকৈ উভতি ধৰিছে আছাদউদ্দিন ওৱেছিয়ে। ওৱেচিয়ে এখন জনসভা সম্বোধন কৰি কয়, ভাগৱতে দেশৰ জলন্ত সমস্যাৰ প্ৰসংগৰ পৰা জনতাক বিপথে পৰিচালিত কৰিবলৈ এনে পন্থা অৱলম্বন কৰিছে। তেওঁ প্ৰথমে এই কথা কওক, চৰকাৰে কিমান নিবনুৱাক সংস্থাপন দিলে। তেওঁ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ কথা কয়, প্ৰথমে এই প্ৰশ্নবোৰৰ উত্তৰ দি লওক।'

ওৱেছিয়ে লগতে কয়, ২০১৮ বৰ্ষত সংস্থাপনৰ নাপাই প্ৰতিদিনেই ৩৬ জনকৈ যুৱকে আত্মহত্যা কৰিছে, এইবোৰৰ খবৰ তেওঁ ৰাখিছেনে। মূল সমস্যাৰ পৰা ফালৰি কাটি কিছুমান অপ্ৰাসংগিক কথাৰে সমস্যাবোৰৰ পৰা পলাব বিচাৰিছে বুলিও মন্তব্য কৰে সাংসদ আছাদউদ্দিন ওৱেছিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in