১৪ ফেব্ৰুৱাৰীত ল’ব শপত! ভেলেণ্টাইন ডে’ৰ সৈতে কি সম্পৰ্ক কেজৰিৱালৰ…

১৪ ফেব্ৰুৱাৰীত ল’ব শপত! ভেলেণ্টাইন ডে’ৰ সৈতে কি সম্পৰ্ক কেজৰিৱালৰ…

ডিজিটেল ডেস্কঃ বিগত ৭ বছৰৰ ভিতৰত তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব অৰৱিন্দ কেজৰিৱালে। সৰ্বশক্তি প্ৰয়োদ কৰি দিল্লী দখলৰ চেষ্টা কৰা বিজেপিক উফৰাই কেজৰিৱাল নেতৃত্বাধীন আপে সাব্যস্ত কৰিলে বৃহৎ জয়। মুঠ ৭০ আসনৰ ভিতৰত ৬২ খন আসন দখল কৰি আপে মাৰিলে জয়ৰ হেট্ৰিক। ঠিক তেনেদৰে মুখ্যমন্ত্ৰী হিচাপেও কেজৰিৱালৰ এয়া তৃতীয়টো কাৰ্যকাল। জয়ৰ পাছত এতিয়াৰে সকলোৰে মনত এটাই প্ৰশ্ন কেজৰিৱালে মুখ্যমন্ত্ৰী হিচাপে শপত লব কেতিয়া!

সূত্ৰ অনুসৰি, কেজৰিৱালেও ১৪ ফেব্ৰুৱাৰী অথাৎ ভেলেণ্টাইন ডে'ৰ দিনাই শপত গ্ৰহণ কৰাটো বিচাৰিছে। কিয়নো ১৪ ফেব্ৰুৱাৰীৰ সৈতে আছে কেজৰিৱালৰ বিশেষ সম্পৰ্ক। আচলতে, ২০১৩ চনত প্ৰথমবাৰ দিল্লীত আম আদমী পাৰ্টীয়ে চৰকাৰ গঠন কৰিছিল। বিজেপিয়ে ৩১খন, আম আদমী পাৰ্টীয়ে ২৮খন আৰু কংগ্ৰেছে ৮খন আসন লাভ কৰিছিল। আম আদমী পাৰ্টীয়ে কংগ্ৰেছৰ সৈতে মিলি গঠন কৰিছিল চৰকাৰ। কিন্তু কংগ্ৰেছ আৰু আপৰ মাজত সংঘাতৰ বাবে মাত্ৰ ৪৯ দিনতে চৰকাৰ ভংগ হৈছিল। তাৰ পিছতে কেজৰিৱালে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। ২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰীতে পদত্যাগ কৰিছিল কেজৰিৱালে।

ইয়াৰ পিছতে ২০১৫ চনৰ নিৰ্বাচনত আম আদমী পাৰ্টীয়ে দখল কৰিছিল ৬৭খন আসন। সেইবাৰো ১৪ ফেব্ৰুৱাৰীতে মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল কেজৰিৱালে। ২০১৮ চনত কেজৰিৱালে এক বিশেষ কাৰ্যসূচী ঘোষণা কৰিছিল। এই কাৰ্যসূচীও ভেলেণ্টাইন ডে'ৰ দিনাই আয়োজন কৰা হৈছিল। পূৰ্বৰ পৰা চালে ১৪ ফেব্ৰুৱাৰীৰ দিনটো কেজৰিৱালে বিশেষ দিন হিচাপে গণ্য কৰি আহিছে। গতিকে প্ৰতিবাৰৰ দৰে এইবাৰো ১৪ ফেব্ৰুৱাৰীতে কেজৰিৱালে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্ণ সম্ভৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in