পথত বাঁহ বান্ধি, গাড়ীৰ চাবি কাঢ়ি অৰুণাচলত লকডাউন মানিবলৈ কৰালে বাধ্য

পথত বাঁহ বান্ধি, গাড়ীৰ চাবি কাঢ়ি অৰুণাচলত লকডাউন মানিবলৈ কৰালে বাধ্য

ডিজিটেল সংবাদ, ইটানগৰঃ কোৰোনা ভাইৰাছৰ বাবে সমগ্ৰ দেশতে জাৰি কৰা লকডাউনৰ প্ৰভাৱ পৰিছে অৰুণাচলতো। অৱশ্যে ইটানগৰৰ কিছু কিছু স্থানত মঙলবাৰে একাংশ লোকে অমান্য কৰা দেখা যায় লকডাউন। যাৰ বাবে এক অভিনৱ পন্থাৰে কোৰোনা ভাইৰাছৰ বিৰু্দ্ধে থিয় হৈছে অৰুণাচলৰ একাংশ লোক। অতীজত অৰুণাচল প্ৰদেশত মহামাৰীত বহু লোকৰ মৃত্যু হৈছিল। সেই সময়ৰে পৰা মহামাৰীৰ পৰা গাঁওবাসীক সুৰক্ষিত কৰিবলৈ প্ৰত্যেক গাঁৱতে "পটৰ" নামৰ এক ব্যৱস্থাৰ প্ৰবৰ্তন কৰিছিল।

পাহাৰৰ ওপৰত থকা গাওঁবোৰলৈ যাতে আন ঠাইৰ কোনো মানুহ আহিব নোৱাৰে তাৰ বাবে পথত বাঁহৰ বেৰা দি পথ বন্ধ কৰি দিছিল। এই সময়চোৱাত গাওঁবাসীকো গাঁৱৰ পৰা বাহিৰলৈ যাবলৈ নিদিয়ে। মহামাৰী শেষ নোহোৱা পৰ্যন্ত এক-ডেৰ মাহ পৰ্যন্ত এনেদৰে গাওঁবোৰ লক ডাউন কৰি ৰখা হৈছিল। আদি আৰু গালো জনগোষ্ঠীৰ লগতে নিছি, ছেৰদুকপেন, মনপা, অকা আদি জনগোষ্ঠী সমূহেও এনেদৰে পটৰ ব্যৱস্থা অবলম্বন কৰিছিল। গালো‌ লোকসকলে ইয়াক আলি পেকা টৰনাম বা আলি টৰনাম বুলি কয়।

এতিয়া কোৰোনা ভাইৰাছৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল প্ৰদেশৰ শতাধিক গাঁৱত পুনৰ পটৰ ব্যৱস্থা প্ৰবৰ্তন কৰা হৈছে। বিশেষকৈ ইষ্ট চিয়াং, চিয়াং, ৱেষ্ট চিয়াং আদি জিলাত গাঁওবাসীয়ে পটৰ ব্যৱস্থা প্ৰবৰ্তন কৰা পৰিলক্ষিত হৈছে। এনেদৰে গাঁৱৰ প্ৰবেশ পথ বন্ধ কৰাৰ সময়ত গাৱৰ পূজাৰীয়ে কুকুৰা বা আন প্ৰাণী বলী দি পূজা কৰে বাবে গাঁওবাসীয়ে সেই বেৰা পাৰ হৈ যোৱাটো অমংগল বুলি গণ্য কৰে আৰু ঘৰতে সোমাই থাকে। ইপিনে অৰুণাচল প্ৰদেশ চৰকাৰৰ লক ডাউনৰ নিৰ্দেশ অমান্য কৰি ঘৰৰ বাহিৰত ঘুৰি ফুৰা বহু লোকক মঙলবাৰে আৰক্ষীয়ে বল প্ৰয়োগ কৰি ঘৰলৈ ঘুৰাই পথাব লগা হৈছে। লক ডাউন অমান্য কৰি অনাবশ্যকীয় কামত গাড়ী লৈ ঘুৰি ফুৰা বহু লোকৰ গাড়ীৰ চাবি জব্দ কৰি থয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in