কোৰোনা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ টিকাকৰনৰ বাবে সাজু হৈছে অৰুনাচল প্ৰদেশ…

কোৰোনা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ টিকাকৰনৰ বাবে সাজু হৈছে অৰুনাচল প্ৰদেশ…

ডিজিটেল ডেস্ক : কোৰোনা ভাইৰাছৰ ভেকচিনৰ প্ৰথম পৰ্যায়ৰ টিকাকৰনৰ বাবে সাজু হৈছে অৰুনাচল প্ৰদেশ । চৰকাৰী আৰু ব্যক্তিগত দুয়োটা প্ৰতিষ্ঠানৰ ১৩৬২ গৰাকী স্বাস্থ্য কৰ্মীক পূৱ ছিয়াং জিলা প্ৰশাসনে চিনাক্ত কৰিছে। তেওঁলোকক প্ৰথম পৰ্যায়ত কোৰোনাৰ ভেকচিনৰ টিকাকৰন প্ৰদান কৰা হ'ব।

উপ আয়ুক্ত ড০ কিন্নী সিঙে শীঘ্ৰে ছিয়াং অতিথিশালাত কোভিড-১৯ সন্দৰ্ভত জিলা টাস্ক ফ'ৰ্চৰ এক বৈঠকৰ সময়ত প্ৰথম পৰ্যায়ৰ টিকাকৰণ অভিযানৰ বিষয়ে জানিবলৈ দিছিল । তেওঁ লগতে কয় যে কোভিড ১৯ ভেকচিনৰ টিকাকৰন গুৰুত্ব বুলি বিবেচনা কৰি আগতীয়া পৰিকল্পনা আৰু প্ৰস্তুতি প্ৰয়োজনীয় হ'ব । সমগ্ৰ টিকাকৰন পৰ্যায় অনুযায়ী লোৱা হ'ব বুলিও সিঙে লগতে কয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in