অৰুণাচল প্ৰদেশত পুনৰ ৪গৰাকী লোকৰ দেহত কোৰোনা…

অৰুণাচল প্ৰদেশত পুনৰ ৪গৰাকী লোকৰ দেহত কোৰোনা…

প্ৰতিদিন সংবাদ, ইটানগৰ: অৰুণাচল প্ৰদেশত অব্যাহত আছে কোৰোনাৰ সংক্ৰমন । দহদিন পূৰ্বে এজনো কৰোনা সক্ৰিয় ৰোগী নথকা অৰুণাচল প্ৰদেশত এতিয়া কোৰোনা আক্ৰান্তৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে ।

বুধবাৰে চাংলাং জিলাত নতুনকৈ ৭ জন লোক কোৰোনাত আক্ৰান্ত বুলি নিশ্চিত হোৱাৰ পাছত বৃহস্পতিবাৰে পুনৰ চাৰিজন ব্যক্তিৰ দেহত কৰোনা ভাইৰাছৰ অবস্থিতি ধৰা পৰিছে । আজি নতুনকৈ কৰোনাত আক্ৰান্ত হোৱা কেইজনৰ তিনিজন চাংলাং জিলাৰ আৰু এজন ৱেষ্ট চিয়াং জিলাৰ ।

উল্লেখ্য যে অৰুণাচল প্ৰদেশত কৰোনা ভাইৰাছৰ পৰীক্ষাৰ বাবে কোৱাৰেন্টাইনত থকা লোক সকলৰ প্ৰভাব সংগ্ৰহৰ পদ্ধতি ক্ৰুটিপূৰ্ণ বুলি অভিযোগ কৰিছিল বিভিন্ন জনে । যাৰবাবে প্ৰায়ভাগ কৰোনা পৰীক্ষাৰ বেছিভাগ পৰীক্ষাৰ ফলাফল নিগেটিভ ওলাইছিল ।

চাংলাং জিলাৰ উপায়ুক্ত দেবাংশ যাদবেও স্বাব সংগ্ৰহৰ পদ্ধতি সঠিক হোৱা নাই বুলি অভিযোগ কৰিছিল । সেই অভিযোগৰ ভিত্তিত ভাৰতৰ বিভিন্ন স্থানৰ পৰা অৰুণাচল প্ৰদেশলৈ উলটি অহা লোকসকলৰ স্বাবৰ নমুনা পুনৰ পৰীক্ষা কৰা হয় ।

তাৰ পাছৰে পৰা চাংলাং জিলাত আজি পৰ্যন্ত ৩০ জন কৰোনা আক্ৰান্ত লোক ধৰা পৰিছে । এনে পৰিস্থিতিত অৰুণাচল প্ৰদেশত স্বাব সংগ্ৰহৰ সময়ত কৰা গাফিলতিৰ বাবে বহু কৰোনা আক্ৰান্ত লোক কৰোনা নিগেটিভ বুলি ফলাফল ওলাইছে বুলি অভিযোগ উঠিছে ।

এনে পৰিস্থিতিত বহু কৰোনা আক্ৰান্ত ধৰা নপৰাকৈ মুকলিকৈ ঘুৰি ফুৰিছে বুলি আশংকা কৰা হৈছে । আনহাতে কৰোনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা ১৮০০ৰো অধিক স্বাবৰ নমুনাৰ ফলাফল এতিয়াও আহি পোৱা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in