শেহতীয়া খবৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  বটদ্ৰৱা থানৰ নামলগোৱানী মিনতি বৰাৰ বিয়োগ  •  নীলবাগানৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা  •  দৌলাশালত কংগ্ৰেছৰ বিশাল জনজাগৰণ সভা, ''কা"খন 'শ্লো পয়জন'ৰ দৰেঃ ৰিপুন বৰা, VIDEO  •  তেজৰ অভাৱত এতিয়াৰ পৰা ওদালগুৰিত মৃত্যু নহয় ৰোগীৰ, মুকলিৰ পাছত প্ৰথমবাৰৰ বাবে ৰক্তদান শিৱিৰ ওদালগুৰি ব্লাড বেংকত  •  বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীক আক্ৰমণ! ছিউলি মহিলাৰীৰ লগত আছিল দুই পুত্ৰ জান আৰু জিউ, VIDEO  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  ৪দিনৰ অসম আৰক্ষীৰ জিম্মাত শ্বাৰ্জিল ইমামক... VIDEO

দুলঙৰ পাছত জহিঙতো সীমান্ত আৰক্ষী চকী স্থাপনত বাধা অৰুণাচলীৰ…

65

ডিজিটেল সংবাদ, লখিমপুৰঃ অৰুণাচলীৰ অবাধ আগ্ৰাসনৰ বাবেই ক্ৰমাৎ সংকুচিত হৈ আহিছে লখিমপুৰৰ তিনিখন সংৰক্ষিত বনাঞ্চলৰ ভূমি৷ ৰঙা সংৰক্ষিত বনাঞ্চল ,কাকৈ সংৰক্ষিত বনাঞ্চল আৰু দুলুং সংৰক্ষিত বনাঞ্চলৰ বন ধ্বংস কৰি বসতি স্থাপন কৰিছে অৰুণাচলীয়ে ৷ ২০০৯ চনৰ পৰা চলিত বৰ্ষলৈ কুৰি বাৰৰো অধিক বনাঞ্চলত বসবাস কৰা অৰুণাচলীক লখিমপুৰ প্ৰশাসনে উচ্ছেদ কৰিছে যদিও আগ্ৰাসন আজি কোপতি ৰোধ হোৱা নাই ৷

১৯৮৬ চনৰ উচ্চতম ন্যায়ালয়ৰ অধিনিয়ম অনুসৰি আন্তঃৰাজ্যিক সীমান্তত উভয় ৰাজ্যই স্হিতাৱস্হা বাহাল ৰাখিব লাগে যদিও অৰুণাচল প্ৰশাসনে বাৰম্বাৰ সেই নিৰ্দেশ আমান্য কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ বন আৰু পৰিৱেশ আইন অনুসৰি সংৰক্ষিত বনাঞ্চলৰ ভূমিত ৰাজ্যৰ কোনো লোকে বসবাস কৰিব নোৱাৰে ৷

সেই মৰ্মে লখিমপুৰৰ কোনো লোকে বনাঞ্চলৰ ভূমি দখল নকৰে ৷ ইয়াৰ বিপৰীতে অৰুণাচল প্ৰশাসনৰ সহযোগত সীমান্তত বনাঞ্চলৰ ভূমি অবাধ হাৰত বেদখল কৰিছে অৰুণাচলীয়ে ৷ মইনা জুলীৰ পৰা দুলুঙলৈকে সীমান্তৰ প্ৰায় ৭০ কিঃমি দৈৰ্ঘ্যৰ বনাঞ্চলৰ ভূমিত ঠায়ে ঠায়ে আগ্ৰাসন চলাইছে অৰুণাচলীয়ে ৷

দুলুঙৰ ৰূপহী ৰাজগড়ত সীমান্ত আৰক্ষী চকী স্হাপনত সশস্ত্ৰ অৰুণাচলীয়ে বাধা প্ৰদান কৰাৰ পাছত এইবাৰ পোহৰলৈ আন এক ঘটনা ৷ দুলুঙৰ দৰে জহিঙত আন খন সীমান্ত আৰক্ষী চকী স্হাপনত বাধা দিছে অৰুণাচলীয়ে ৷ এক পষেক পূৰ্বে অৰুণাচলৰ নামনি সোৱণশিৰি জিলাৰ ল’ৱাৰ জুমিত অসম সীমান্তত লখিমপুৰ প্ৰশাসনে প্ৰস্তাৱিত জহিং সীমান্ত আৰক্ষী চকী স্হাপন কৰিবলৈ যো জা কৰোতেই অৰুণাচলীয়ে বাধা দি নিৰ্মাণ কাৰ্যত হস্তক্ষেপ কৰে ৷

অৰুণাচলীৰ বাধাক মানি লৈ লখিমপুৰ প্ৰশাসনে উক্ত আৰক্ষী চকী কাকৈ বনাঞ্চললৈ স্হানান্তৰ কৰি স্হাপনৰ দিহা কৰে ৷এই খবৰ বিয়পি পৰাৰ লগে লগে অৰুণাচলৰ বিধায়ক তাপৰ লাহেং সহ এজন মন্ত্ৰী আৰু প্ৰায় ৫০ জন বিষয়া কৰ্মচাৰীয়ে বিশাল কনভয় লৈ সীমান্ত অঞ্চলটো পৰিদৰ্শন কৰে ৷ বগীনদী পাৰ হৈ নেফা ত দল টোৱে স্হানীয় অৰুণাচলী লোক সকলৰ লগত এক প্ৰীতি ভোজত অংশ গ্ৰহণ কৰে ৷

শনিবাৰে উক্ত এলেকাৰ পৰিভ্ৰমণ কালত স্হানীয় গাঁও বুঢ়াই এই প্ৰতিবেদকক অৱগত কৰা মতে দল টোৱে সীমান্তত এটা পথ নিৰ্মাণৰ জৰীপ কৰে ৷ যি পথৰ অধিকাংশ অসমৰ বনাঞ্চলৰ মাজেৰে পাৰ হ’ব ৷লক্ষণীয় ভাৱে অসমৰ বনাঞ্চলৰ ভূমিত অৰুণাচলীয়ে দখল কৰি কেনেদৰে বাসোপযোগী কৰি তুলিছে তাৰ ছবি দেখিবলৈ পোৱা হ”ল ৷ পৰিতাপৰ বিষয় যে এই সকলো বোৰ দেখি শুনিও নেদেখা আৰু নুশুনাৰ ভাও জুৰিছে লখিমপুৰ প্ৰশাসনে ৷ফল শ্ৰুতিত সীমান্ত বাসী অসমীয়াক ভয় ভাবুকি প্ৰদান কৰি ধাৰাবাসিক ভাৱে আগ্ৰাসন অব্যাহত ৰাখিছে বনাঞ্চলৰ ভূমিত ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি