বিভ্ৰান্তিত পৰীক্ষাৰ্থী! ২৪ নবেম্বৰত হ’ব নে নহয় এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা…

ডিজিটেল ডেস্কঃ এপিএছচিৰ ২৪ নবেম্বৰত অনুষ্ঠিত হ'বলগা প্ৰাৰম্ভিক পৰীক্ষাক লৈ এতিয়া বিভ্ৰান্তিৰ সৃষ্টি হৈছে। অতি শেহতীয়াকৈ এপিএছচিৰ  ২৪ নবেম্বৰত অনুষ্ঠিত হ'ব লগা প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰা হৈছে বুলি এক খবৰ ওলাইছে যদিও এই সন্দৰ্ভত কিন্তু ২১ নবেম্বৰৰ ১২বজালৈকে কোনো তথ্য উপলব্ধ হোৱা নাই এপিএছচি ৱেবছাইটত।

ইয়াৰ বিপৰীতে ১৩ নবেম্বৰত এপিএছচি সচিব প্ৰকাশ আৰ ঘৰফলিয়াই স্বাক্ষৰিত কৰা এক নিৰ্দেশ উপলব্ধ হৈ আছে। এই নিৰ্দেশত এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা সময়মতে অৰ্থাৎ ২৪ নবেম্বৰতেই অনুষ্ঠিত হ'ব বুলি স্পষ্টকৈ উল্লেখ আছে। লগতে এই কথাও উল্লেখ কৰিছে যে, ৰাজ্য চৰকাৰৰ বিভিন্ন কৰ্মচাৰীয়ে পঞ্চায়ত নিৰ্বাচনত ব্যস্ত হোৱাৰ বাবে এই পৰীক্ষা অৱতীৰ্ণ হোৱাত সমস্যাৰ সৃষ্টি হ'ব।

লোকসেৱা আয়োগে এনে এক পৰীক্ষাৰ  বাবে যথেষ্ট প্ৰস্তুতিৰে আগবঢ়া হয় আৰু শেষ মুহূৰ্তত এই পৰীক্ষা বাতিল কৰা সম্ভৱ নহয় বুলি উল্লেখ কৰিছে। ইয়াৰ বিপৰীতে এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা ২৪ নবেম্বৰত অনুষ্ঠিত নহয় আৰু ইয়াক ডিচেম্বৰৰ শেষ সপ্তাহলৈকে বাতিল কৰা হৈছে বুলি আন এক খবৰ ভাইৰেল হৈছে।

অৱশ্যে এই খবৰৰ সন্দৰ্ভত কোনো তথ্য এপিএছচিৰ ৱেবছাইটত এতিয়ালৈক প্ৰকাশ কৰা নাই। খবৰটো অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে এপিএছচি পৰীক্ষা ২৪ নবেম্বৰৰ পৰিৱৰ্তে ডিচেম্বৰৰ শেষ সপ্তাহত অনুষ্ঠিত হ'ব আৰু ইয়াৰ নতুন সুচী অচিৰেই প্ৰকাশ কৰা হ'ব বুলি উল্লেখ আছে।

কিন্তু এপিএছচিৰ এক সূত্ৰ অনুসৰি প্ৰাৰম্ভিক পৰীক্ষা পিছুওৱাৰ সিদ্ধান্ত লোৱা হৈছে যদিও এই কথা আনুষ্ঠানিকভাৱে এতিয়াও প্ৰকাশ কৰা নাই। সূত্ৰটোৱে জানিবলৈ দিয়া মতে, ১৫ ডিচেম্বৰৰ পাছতহে এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক জাননী জাৰি নকৰাত বিভ্ৰান্তিত পৰিছে পৰীক্ষাৰ্থীসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in