অসম লোকসেৱা আয়োগৰ আজৱ কাণ্ড! বিএছচি (এগ্ৰি) হেনো নহয় স্নাতক ডিগ্ৰী

অসম লোকসেৱা আয়োগৰ আজৱ কাণ্ড! বিএছচি (এগ্ৰি) হেনো নহয় স্নাতক ডিগ্ৰী

ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগৰ সংস্কাৰ হয়তো কোনোদিনেই নহ'ব। চৰম বেমেজালিৰ মাজেৰে এতিয়া পৰিচালিত হৈছে লোকসেৱা আয়োগ। শেহতীয়াকৈ লোকসেৱা আয়োগে বিএছচি এগ্ৰি স্নাতক ডিগ্ৰী নহয় বুলি চাকৰিৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ নাম প্ৰত্যাখ্যান কৰাৰ ঘটনাই চকু কপালত তুলিছে।

বিজ্ঞাপন নম্বৰ ৩/২০১৮ যোগে আয়োগে জুনিয়ৰ ইনফৰ্মেছন এণ্ড পাব্লিক ৰিলেশ্যন বিষয়াৰ পদবীত নিযুক্তিৰ বাবে ২৮ ফেব্ৰুৱাৰী ২০১৮তে এক বিজ্ঞাপন প্ৰকাশ কৰিছিল। মুঠ ৫টা পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছিল এই বিজ্ঞাপনটোত। সেই বিজ্ঞাপন প্ৰকাশ পোৱাৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক প্ৰাৰ্থীয়ে সেই পদৰ বাবে আবেদন জনাইছিল।

সেই বিজ্ঞাপনটো…
সেই বিজ্ঞাপনটো…

অলপতে এপিএছচি ৱেবচাইটত এই পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা প্ৰাৰ্থীৰ তলিকা প্ৰকাশ কৰা হৈছে। তালিকাত মুঠ ৭৩৯ গৰাকী প্ৰাৰ্থীক পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে বাচনি কৰা হৈছে। তাৰ বিপৰীতে ২৮৬ গৰাকী প্ৰাৰ্থীৰ নাম বাচনিত উঠা নাই। তাৰে সৰহ সংখ্যকৰে নাই উপযুক্ত অভিজ্ঞতা আৰু সাংবাদিকতাৰ ডিপ্লমা।

ইফালে এই তালিকাত এগৰাকী প্ৰাৰ্থীৰ নাম তেওঁৰ স্নাতক ডিগ্ৰী নথকা বুলি বাতিল কৰা হৈছে। কিন্তু প্ৰাৰ্থীগৰাকীয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা 'বেছেলৰ অৱ চাইঞ্চ' (এগ্ৰি) ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত সাংবাদিকতাৰ ডিপ্লমা লোৱাৰ লগতে ৰাজ্যৰ সংবাদ ক্ষেত্ৰৰ লগতো দীৰ্ঘদিন ধৰি জড়িত। অভিজ্ঞ এই প্ৰাৰ্থীগৰাকীৰ আবেদন নাকচ কৰা বুলি উল্লেখ কৰি তেওঁৰ স্নাতক ডিগ্ৰী নথকা বুলি কোৱা হৈছে।

 এতিয়া প্ৰশ্ন হয়, যিসময়ত কৃষি স্নাতক এজনে এই ডিগ্ৰীৰে এচিএছ-এপিএছ পৰীক্ষাৰ লগতে নূন্যতম স্নাতক ডিগ্ৰী প্ৰয়োজন হোৱা আন পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে, তেওঁক কিয় এই পৰীক্ষাৰ পৰা স্নাতক ডিগ্ৰীধাৰী নহয় বুলি তেওঁৰ আবেদন নাকচ কৰা হ'ল?

এপিএছচিৰ ভিতৰচৰাত সংঘটিত এই কাণ্ডই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এপিএছচিৰ মতে, অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰা সকলক স্নাতক বুলি গণ্য কৰা নহয় নেকি বুলিও প্ৰশ্ন উঠিছে। বঞ্চিত প্ৰাৰ্থীগৰাকীয়ে জানিবলৈ দিয়া মতে, এপিএছচিৰ এই কাণ্ডক লৈ তেওঁ অচিৰেই আদালতৰ দাৰস্থ হ'ব।

অসম লোকসেৱা আয়োগত সংঘটিত এনে নাভূত-নাশ্ৰুত ঘটনাৰ পাছত আয়োগে এই বিষয়টোক লৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in