ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি, উৎফুল্লিত লখিমপুৰ ধেমাজিৰ কংগ্ৰেছ কৰ্মী…

ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি, উৎফুল্লিত লখিমপুৰ ধেমাজিৰ কংগ্ৰেছ কৰ্মী…

ডিজিটেল সংবাদঃ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা  কংগ্ৰেছৰ বলিষ্ঠ নেতা বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাবে নিৰ্বাচিত কৰাত উৎফুল্লিত হৈছে লখিমপুৰ ধেমাজিৰ কংগ্ৰেছ কৰ্মী সকল৷ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক এইচ চি বেনুগোপালে তৎকালে কাৰ্যকৰী হোৱাকৈ ভূপেন কুমাৰ বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্ত কৰিছে৷

স্বাভাৱিকতে এ আই চি চি ৰ এই সিদ্ধান্তত আনন্দিত লখিমপুৰ ধেমাজিৰ তৃণমূলৰ কংগ্ৰেছ কৰ্মী সকল ৷ ছাত্ৰ ৰাজনীতিৰ পৰা ৯০ ৰ দশকতে সক্ৰীয় ৰাজনীতিত সৰ্বভাৰতীয় দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোগেদি আত্ম প্ৰকাশ কৰিছিল তেওঁ। প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব বহন কৰা ভূপেন কুমাৰ বৰাই ২০০৬ ৰ পৰা ১৫ লৈ দুবাৰ বিহপুৰীয়াৰ পৰা অসম বিধান সভাত প্ৰতিনিধিত্ব কৰিছিল ৷

পিছলৈ এ আই চি চি ৰ সম্পাদকৰ দৰে গুৰু দায়িত্ব বহন কৰি কেইবা খনো ৰাজ্যত নিৰ্বাচনী পৰ্যৱেক্ষকৰ দায়িত্ব পালন কৰিছিল। উচ্চ শিক্ষিত,বাকপটু ভূপেন কুমাৰ বৰাক প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব অৰ্পন কৰাত ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ লগতে কেওখন ব্লক কংগ্ৰেছ কমিটিয়ে কংগ্ৰেছ হাইকামাণ্ডক ধন্যবাদ জনাই ভূপেন কুমাৰ বৰাক অভিনন্দন জ্ঞাপন কৰিছে৷

 ডা° হেম হৰি প্ৰসন্ন পেগু ,সুশিল পেগু ,বাবুল সোনোৱাল ,শৈলেন সোনোৱাল আদি ধেমাজিৰ কংগ্ৰেছ নেতাই কংগ্ৰেছ হাইকামাণ্ডৰ সিদ্ধান্তক আদৰণি জনাইছে৷ ইফালে প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ভূপেন কুমাৰ বৰাক লৈ বিশেষ ভাৱে উৎফুল্লিত হৈছে লখিমপুৰৰ কংগ্ৰেছ মহল৷ লখিমপুৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইয়ে ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাবে আদৰণি জনাই কয় "এয়া আমাৰ হাইকামাণ্ডৰ সঠিক সিদ্ধান্ত ৷ ভূপেন বৰা এজন বলিষ্ঠ নেতা ৷ তেখেতৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছে এক নতুন মাত্ৰা পাব" ।

যুৱনেতা ডা° জয় প্ৰকাশ দাসে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাবে ভূপেন কুমাৰ বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে আদৰণি জনাই কংগ্ৰেছ হাইকামাণ্ডক ধন্যবাদ জ্ঞাপন কৰে৷ ডা° জয় প্ৰকাশ দাসৰ মতে ভূপেন বৰা এজন ডাইনেমিক নেতাৰ লগতে লখিমপুৰৰ সুযোগ্য সন্তান ৷ তেখেতক প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব অৰ্পন কৰি কংগ্ৰেছ হাইকামাণ্ড ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীয়ে সময়োচিত সিদ্ধান্ত লৈছে৷

তেখেতৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছলৈ ভাল দিন ঘুৰি আহিব বুলি আশা প্ৰকাশ কৰে ডা° জয় প্ৰকাশ দাসে৷ ভূপেন বৰাক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্ত কৰাত কংগ্ৰেছ হাইকামাণ্ডক ধন্যবাদ জনাইছে লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ লগতে নাৰায়ণপুৰ ,বিহপুৰীয়া ,নাওবৈছা ,বগীনদী ,ঘিলামৰা ঢকুৱাখনা ,তেলাহী ,কৰুণাবাৰী ব্লক কংগ্ৰেছ কমিটিয়ে ৷ ইফালে ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্ত কৰাত কংগ্ৰেছ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ড° ৰাণী নৰহ আৰু নাওবৈছাৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ,প্ৰাক্তন বিধায়ক সঞ্জয় ৰাজ চুব্বাই গভীৰ সন্তোষ্টি প্ৰকাশ কৰি কংগ্ৰেছ হাইকামাণ্ডৰ সিদ্ধান্তক আদৰণি জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in