প্ৰয়োজন হ’লে ন্যায়াধীশ দম্পত্তিৰ বিৰুদ্ধেও হ’ব তদন্ত, এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত কুলধৰ শইকীয়াৰ মন্তব্য

প্ৰয়োজন হ’লে ন্যায়াধীশ দম্পত্তিৰ বিৰুদ্ধেও হ’ব তদন্ত, এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত কুলধৰ শইকীয়াৰ মন্তব্য

ডিজিটেল ডেস্কঃ 'থমকি নৰয় এ পি এছ চিৰ তদন্ত প্ৰক্ৰিয়া। উপযুক্ত তথ্য প্ৰমাণ পালে তদন্ত প্ৰক্ৰিয়ালৈ আহিব ন্যায়াধীশ দম্পত্তি।' ৰাজ্য কপোৱা এ পি এছ চি কাণ্ডত নাম সাঙোৰ খোৱা ন্যায়াধীশ দম্পত্তিৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত সাংবাদিকৰ প্রশ্নত এনেদৰে মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

উল্লেখ্য যে, ৰাজ্যৰ বিয়াগোম এ পি এছ চি কেলেংকাৰীৰে জড়িত ৰাকেশ পালকে ধৰি কেবাজনো সম্প্ৰতি কাৰাগাৰৰ আলহী হৈ আছে।ধন দি চাকৰি লোৱা ৩৪জন এ চি এছ-এ পি এছ বিষয়াও এতিয়া ৰঙাঘৰৰ আলহী। ১৯ ছেপ্টেম্বৰত ডিব্ৰুগড় আৰক্ষীয়ে আদালতত দাখিল কৰা এখন অভিযোগনামাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

মোটা অংকৰ ধনৰ বিনিময়ত চাকৰি লোৱা ধৃত বিষয়াক জামিন দিবলৈ দালালে এজন বিশেষ ন্যায়াধীশৰ পত্নীক ১ কোটি টকা উৎকোচ দিয়াৰ কথা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল। অভিযোগনামাত সেই তদন্তৰ বিষয়ে উল্লেখ আছে। কিন্তু তেওঁলোকৰ বিৰুদ্ধে তদন্ত হ'ব নে নহয় তাক লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে। আৰক্ষীয়ে দালালৰ টেলিফোনৰ ৰেকৰ্ডিং ফৰেনচিক লেবৰেটৰীলৈ পঠিয়াই পৰীক্ষাও কৰিছিল।

এই ন্যায়াধীশ তথা তেওঁৰ পত্নীক কৃষক মুক্তিকে ধৰি দল-সংগঠনে তদন্তৰ আওতালৈ আনিবলৈ দাবী জনোৱাৰ পাছত দেওবাৰে এই প্ৰশ্ন কৰা হৈছিল আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক। সাংবাদিকে এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়- 'বৰ্তমান আংশিক অভিযোগনামাহে প্ৰকাশ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী সময়ত পুনৰ অভিযোগনামা প্ৰকাশ হব আৰু তাত অধিক লোকৰ নাম থাকিব।'

ন্যায়াধীশ দম্পত্তিৰ শাস্তিৰ বিষয়ে কবলৈ গৈ তেওঁ ইয়াকো কয় যে 'তদন্ত প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই। প্ৰয়োজন হলে ন্যায়াধীশ দম্পত্তিকো অনা হ'ব তদন্তৰ আওতালৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in