এভাৰেষ্টাৰ আনচু জামচেনপালৈ সৰ্বশ্ৰেষ্ঠ এডভেঞ্চাৰ বঁটা

এভাৰেষ্টাৰ আনচু জামচেনপালৈ সৰ্বশ্ৰেষ্ঠ এডভেঞ্চাৰ বঁটা

ডিজিটেল সংবাদ, ইটানগৰ: অৰুণাচল প্ৰদেশৰ পৰা পাঁচবাৰকৈ বিশ্বৰ সৰ্ববৃহৎ এভাৰেষ্ট শৃঙ্গ আৰোহন কৰা আনচু জামচেনপালৈ অহা ২৫ চেপ্তেম্বৰত আগবঢ়োৱা হব ভাৰতৰ সৰ্বশ্ৰেষ্ঠ দু:সাহসিকতাৰ বঁটা৷ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে য়ুথ এফেয়াৰ্চ এণ্ড স্পৰ্টচ মন্ত্ৰালয়ৰ দ্বাৰা টেনজিং নৰ্গে নেচনেল এডভেঞ্চাৰ বঁটা আনচু জামচেনপালৈ আগবঢ়াব।

আনচুৱে বিগত সময়ত সফলতাৰে পাঁচবাৰকৈ এভাৰেষ্ট আৰোহন কৰাৰ পৰিপ্ৰেক্ষিততেই তেওঁলৈ এই বঁটা আগবঢ়োৱা হব৷ অৰুণাচল প্ৰদেশৰ পৰা পাঁচবাৰকৈ এভাৰেষ্ট আৰোহন কৰা আনচুৱে পাঁচদিনত দুবাৰকৈ এভাৰেষ্ট আৰোহন কৰিছিল ৷ কেৱল অৰুণাচল প্ৰদেশেই নহয় আনচু একমাত্ৰ মহিলা পৰ্বতাৰোহি যিয়ে পাঁচবাৰকৈ এভাৰেষ্ট শৃঙ্গ আৰোহন কৰিছে৷

কিন্তু ২০১৪ আৰু ২০১৫ ত দুবাৰকৈ তেওঁ আধাবাটৰ পৰাই যাত্ৰা সামৰি উভতি আহিব লগা হৈছিল৷ তাৰে এবাৰ হিমপ্ৰপাতৰ বাবে আৰু আনবাৰ ভূমিকম্পৰ বাবে৷ য'ত ১৬ জনকৈ পাহাৰ বগোৱা চেৰপা আৰু ২২ জনকৈ আৰোহনকাৰীৰ মৃত্যু হৈছিল ৷ এভাৰেষ্টৰ উপৰিও তেওঁ হিমালয়ৰ আন তিনিটাকৈ দুৰ্গম শৃঙ্গও আৰোহন কৰিছে ৷ সেইকেইটা হৈছে ক্ৰমে লবুচে(২০,০৭৫), পখালডে(১৯,৩৪৩) আৰু আইলেণ্ড পিক (২০,৩০৫)৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in