এন আৰ চি আৰু ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত কি ক’লে বিজেপি সভাপতি শ্বাহে?

এন আৰ চি আৰু ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত কি ক’লে বিজেপি সভাপতি শ্বাহে?

ডিজিটেল ডেস্কঃ শুকুৰবাৰে বিজেপি সভাপতি অমিত শ্বাহে ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে। তেওঁ এক সভাত এই সন্দৰ্ভত কয়- 'ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে আৰম্ভ কৰিবলৈ বিজেপিয়ে বিচাৰে। আমি উচ্চতম ন্যায়ালয়ত এই গোচৰৰ অন্ত পেলাবলৈ চেষ্টা চলাই আছো। কিন্তু কংগ্ৰেছে এই ক্ষেত্ৰত বাধা প্ৰদান কৰিবলৈ চেষ্টা চলাই আছে।'

লগতে অমিত শ্বাহে এন আৰ চি সন্দৰ্ভতো সভাখনত মন্তব্য কৰে। তেওঁ কয়- 'অসমত সোণোৱাল চৰকাৰ গঠন হোৱাৰ লগে লগে আমি এন আৰ চিৰ কাম আৰম্ভ কৰিছিলো। এন আৰ চি হৈছে অবৈধ বিদেশীক চিহ্নিত কৰাৰ এক প্ৰক্ৰিয়া। কেৱল অসমতেই ৪০ লাখ অবৈধ বিদেশী চিহ্নিত কৰা হয়।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in