চতিয়াৰ ডিপলোঙা কাণ্ডৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ

চতিয়াৰ ডিপলোঙা কাণ্ডৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বিশ্বনাথ জিলাৰ চতিয়া থানাৰ অন্তর্গত ডিপলোঙাৰ নাৰকীয় ঘটনাত জড়িত আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চতিয়া আৰক্ষী।

ডিপলোঙা চাহ বাগিচাৰ ১৫ নং লাইনৰ নিবাসী লোচন পাটৰক আজি চতিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে, আজিৰ তাৰিখলৈকে উক্ত ঘটনাৰ লগত জড়িত ১৩ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে চতিয়া আৰক্ষীয়ে। ইতিমধ্যে ১২জনক বিশ্বনাথ জেললৈ প্ৰেৰণ কৰা হৈছে। কাইলৈ লোচনক বিশ্বনাথ আদালতত হাজিৰ কৰোৱা হ'ব।

উক্ত নৃশংস ঘটনাৰ লগত জড়িত আৰু কেবাজনো অপৰাধী অচিৰেই জালত পৰিব বুলি আৰক্ষীৰ এক বিশেষ সূত্ৰই সদৰী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in