লখিমপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইক আক্ৰমণৰ অভিযোগত ৫জনক গ্ৰেপ্তাৰ

লখিমপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইক আক্ৰমণৰ অভিযোগত ৫জনক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ শুকুৰবাৰে লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁয়ে নিৰ্বাচনী প্ৰচাৰলৈ যোৱা সময়ত তেওঁৰ ওপৰত জোনাই সমষ্টিৰ দুটাকৈ স্থানত আক্ৰমণ কৰা হৈছিল। এই আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত শনিবাৰে পাচঁজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

জোনাই সমষ্টিৰ ৰিগবি নামৰ স্থানত শিলগুটি নিক্ষেপৰ ঘটনাৰে জড়িতৰ অভিযোগ লিখন মৰাং, লুইছ পেগু, ৰাজু টাইড আৰু চিলাসুতিৰ ঘটনাত জড়িত মূল অভিযুক্ত তথা মিছিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ আৰু গণশক্তি দলৰ নিৰ্বাচিত প্ৰতিনিধি কনক দলেৰ লগতে গণশক্তিৰ নেতা ইন্দ্ৰজিৎ চুংক্ৰাঙক চিলাপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ কংগ্ৰেছ দলৰ এজাহাৰৰ ভিত্তিত ধেমাজি আৰক্ষী অধীক্ষকৰ তৎপৰতাত আটাইকেইজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, শুকুৰবাৰে দুই স্থানত আক্ৰমণ কৰাৰ পাছতেই লখিমপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বুঢ়াগোহাঁয়ে লৈছিল প্ৰতিবাদী কাৰ্যসূচী। গণশক্তি দলৰ সদস্য-সমৰ্থকে আক্ৰমণ কৰাৰ লগতে বাহনত শিলাবৰ্ষণ কৰিছিল নেতাজনৰ। উক্ত ঘটনাৰ পিছতে চিলাপথাৰত সৃষ্টি হৈছিল এক উত্তেজনাময় পৰিস্থিতিৰ। এই আক্ৰমণৰ ফলত সম্পূৰ্ণৰূপে ধ্বংস হৈছিল অনিল বুঢ়াগোহাঁইৰ বাহনখনৰ পিছফালটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in