জয়ন্তমল্লক সমৰ্থন নকৰে নলবাৰীৰ ক্ষুব্ধ অগপ কৰ্মীয়ে,অতুল-কেশৱ-ফণী-বীৰেনক দগাবাজ আখ্যা

জয়ন্তমল্লক সমৰ্থন নকৰে নলবাৰীৰ ক্ষুব্ধ অগপ কৰ্মীয়ে,অতুল-কেশৱ-ফণী-বীৰেনক দগাবাজ আখ্যা

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী বিধানসভা সমষ্টিত প্ৰাৰ্থিত্বক লৈ বিজেপি আৰু মিত্ৰদল অগপৰ মাজত অদ্যাপি দন্দ্ব বিসম্বাদ অব্যাহত আছে।সমষ্টিটোত আঞ্চলিক দল অগপই দীৰ্ঘদিনৰ পৰা নিজৰ প্ৰাৰ্থী দিয়াৰ আশা কৰাৰ বিপৰীতে সময়ত বিজেপি দলৰ উপ সভাপতি জয়ন্তমল্ল বৰুৱাক প্ৰাৰ্থিত্ব দিয়াত এই দন্দ্ব অধিক বৃদ্ধি হৈছে।

উল্লেখ্য যে সমষ্টিটোত প্ৰায় এক লাখ ভোট পাই জয়ী হোৱা বিজেপি বিধায়ক থকা সত্ত্বেও বিগত কিছুদিন ধৰি একাংশ অগপ নেতা-কৰ্মীয়ে এইবাৰ নলবাৰীৰ আসনখন অগপ এৰি দিব লাগে বুলি দাবী জনাই আহিছিল। এয়া এক অহেতুক দাবী বুলি জানিও অগপৰ দিলীপ কুমাৰ দাসক প্ৰাৰ্থিত্ব দিয়াৰ দাবীৰে সমষ্টিটোৰ অ'ত ত'ত দুই এখন সভা কৰি আছিল। আঞ্চলিকতাবাদক কবৰ দিয়া অগপৰ মেৰুদণ্ডহীন সভাপতি অতুল বৰায়ো দিলীপ কুমাৰ দাসক প্ৰাৰ্থিত্বৰ ইংগিত দি নলবাৰীত দলটোৰ সাংগঠনিক ভেটি কোনোৰকম ধৰি ৰখাৰ চেষ্টা চলাইছিল।

কিন্তু যথাসময়ত অগপৰ কেন্দ্ৰীয় নেতৃত্বই নলবাৰী আসনখন লাগে বুলি দাবীয়েই নকৰিলে বুলি জনা যায়। ফলত বিজেপিৰ জনপ্ৰিয় বিধায়ক অশোক শৰ্মাক টিকটৰ পৰা বঞ্চিত কৰি বিজেপিয়ে প্ৰাক্তন বিধায়ক জয়ন্তমল্ল বৰুৱাক দলীয় প্ৰাৰ্থিত্ব দিয়ে। এনে অৱস্থাত অগপৰ দিলীপ দাস আৰু তেওঁ ধৰি ৰখা একাংশ সমৰ্থক ক্ষোভিত হৈ পৰিছে। যোৱা দুদিন ধৰি অগপ কৰ্মী সমৰ্থকসকলে এই লৈ ক্ষোভিত হৈ থকাৰ পিচত আজি আবেলি অগপৰ নলবাৰী বিধান পৰিষদৰ সভাপতি নৰেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত ক্ষুব্ধ কৰ্মীসকল অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে।

তেওঁলোকে অতুল বৰা মুৰ্দাবাদ ,কেশৱ মহন্ত মুৰ্দাবাদ ফণীভূষণ চৌধুৰী মুৰ্দাবাদ ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে। হাজো নলবাৰী পথত থকা জিলা অগপৰ কাৰ্যালয় তথা দেশপ্ৰাণ নগেন শৰ্মা ভৱনত ক্ষুব্ধ কৰ্মীসকলে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটায়। পিচত জিলা নেতৃত্বৰ আশ্বাসত পৰিস্থিতি কিছু শাম কটাত সভা আৰম্ভ হয়। সভাত কৰ্মীসকলে অতি শীঘ্ৰেই জিলা সমিতিক বাদ দি নলবাৰী বিধান পৰিষদৰ নেতৃত্ব তথা দিলীপ কুমাৰ দাসৰ নেতৃত্বত সভা অনুষ্ঠিত কৰি মিত্ৰদল সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়।একাংশ ক্ষুব্ধ কৰ্মীয়ে কয় যে অতুল বৰা,কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য দগাবাজ। এই চাৰি দগাবাজ দলত থকালৈকে অগপ দলৰ উন্নতি নাই।

তেওঁলোকৰ মত তেওঁলোক কোনো কাৰণতে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত নাই। সভাত কান্দোনত ভাঙি পৰে দিলীপ কুমাৰ দাস। তেওঁ নলবাৰীত অগপ দল নিঃশেষ হৈ যাব নেকি বুলিও সংশয় প্ৰকাশ কৰে। ইপিনে দিলীপ কুমাৰ দাসক দলে টিকট নিদিয়ে বুলি জানিও একাংশ কৰ্মী সমৰ্থকৰ উচটনিত অগপৰ পৰা নলবাৰীত প্ৰাৰ্থিত্ব দাবী কৰাৰ ৰহস্য কি বুলিও একাংশই প্ৰশ্ন তুলিছে। এয়া বিজেপিৰ ফন্দী বুলি দাবী কৰি তেওঁলোকে কয় যে অগপই 'কা'বিৰোধী স্থিতি লোৱাত ব্যৰ্থ হোৱাত নলবাৰী অগপৰ অধিকাংশ নেতা কৰ্মীয়ে দল ত্যাগ কৰি নৱগঠিত আঞ্চলিক দল অজাপত যোগ দিয়ে।

তেতিয়াই নলবাৰী অগপশূণ্য হোৱাৰ আশংকাত বিজেপিয়ে কৌশলী ৰাজনীতিৰে দিলীপ কুমাৰ দাসক টিকটৰ টোপ দি কিছুসংখ্যক অগপ কৰ্মী সমৰ্থকক দলটোত ধৰি ৰাখে। ইপিনে অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদ আৰু আঞ্চলিক সমিতিসমূহে সমূহীয়াভাবে পদত্যাগ কৰিব বুলি ভাবুকি দিয়ে যদিও অহা ৯ মাৰ্চতহে এই সন্দৰ্ভত নিশ্চিত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in