মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী স্থিতিক ভেঙুচালি গড়কাপ্তানি বিভাগৰ বিষয়া-অভিযন্তাৰ, নিৰ্মীয়মান অৱস্থাতে ভাগিল পথ

মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী স্থিতিক ভেঙুচালি গড়কাপ্তানি বিভাগৰ বিষয়া-অভিযন্তাৰ, নিৰ্মীয়মান অৱস্থাতে ভাগিল পথ

ডিজিটেল সংবাদ, আন্ধেৰীঘাটঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল সোণোৱাল চৰকাৰৰ কাৰ্যকালত গড়কাপ্তানি পথ নিৰ্মাণত অব্যাহত আছে ব্যাপক দুৰ্নীতি। দৰঙত পুনৰ উন্মোচিত হৈছে কোটি টকীয়া পথ নিৰ্মাণত ভয়ংকৰ কেলেংকাৰী। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতি বিৰোধী স্থিতিক কেৰেপ নকৰি দৰঙৰ গড়কাপ্তানি বিভাগৰ একাংশ বিষয়া অভিযন্তাই অসাধু ঠিকাদাৰৰ সতে মিলি আঁচনিৰ ধন লুণ্ঠন কৰাৰ প্ৰতিযোগিতাত নামি পৰাৰ ফলত সম্প্ৰতি পকী পথ নিৰ্মাণৰ দৰে জন হিতকৰ আঁচনি বুমেৰেং হোৱাৰ পথত।

দৰঙৰ দিপীলাত পকী পথ নিৰ্মাণৰ সময়ত সংঘটিত অনিয়ম আৰু দুৰ্নীতিৰ ঘটনাই উন্মোচিত কৰিছে বিষয়া ঠিকাদাৰৰ অসাধু তৎপৰতা। গড়কাপ্তানি বিভাগৰ মঙলদৈ গ্রাম্য পথ সংমণ্ডলৰ দ্বাৰা ৰূপায়ন হোৱা এই পথৰ অৱস্থাই প্ৰমাণিত কৰিছে লুণ্ঠনৰাজৰ ব্যাপকতা।


১ কোটি ৯১ লাখ টকা ব্যয় সাপেক্ষ এই পথটি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাই নাই। কিন্তু যিখিনি অংশ ইতিমধ্যে সম্পূৰ্ণ হৈছে সেই পথচোৱাৰ অৱস্থা এয়া। বালিৰে বন্ধা পথ গুৰ গুৰ কৈ ভঙাৰ দৰে পিটছ খহি এই অৱস্থা হৈছে। অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত এনেদৰে ভাঙি গল কোটি টকীয়া প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ।

উল্লেখযোগ্য যে, ঐতিহ্যমণ্ডিত ৰুদ্ৰেশ্বৰ দেৱালয়ৰ সন্মুখেৰে টেঙেৰাৰ পৰা দিপীলা বৰিগাঁও সংযোগী পথটিৰ পেকেজ নম্বৰ এএছ-১৬-১১৮।

গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, পথটিৰ পিটছ ভাঙি যোৱাৰ উপৰিও পকী পুল নিৰ্মাণৰ পিছতে ওলাইছে প্ৰকাণ্ড প্ৰকাণ্ড ফাট। পথটিৰে গাড়ী চলিলেই এই পুল ভাঙি পৰিব সেয়া প্ৰায় নিশ্চিত। পুলৰ গাৰ্ড ওৱালটো দেখা গৈছে প্ৰকাণ্ড ফাট।

পাককলন উলংঘা কৰি কাম থকাৰ পিছতো বিভাগীয় বিষয়া অভিযন্তাই তদাৰক নকৰা বুলি অভিযোগ উঠিছে। এনে বিসংগতি পূৰ্ণ কামৰ বিৰুদ্ধে স্থানীয় ৰাইজে গড়কাপ্তানি‌ বিভাগৰ উচ্চ পদস্থ বিষয়া আৰু দৰঙৰ উপায়ুক্তক অভিযোগ দাখিল কৰাৰ পিছতো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। মন্ত্ৰী বিষয়াৰ আশীষ পুষ্ট এই নিৰ্মাণকাৰী সংস্থাটোৰ এনে নিম্নমানৰ কাম সন্দৰ্ভত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in