বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীক ‘জীৱন জোৰা সাধনা’ আৰু অসমীয়া প্ৰতিদিনৰ প্ৰকাশ মহন্তলৈ ‘বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা বটাঁ’ এনাজৰীৰ..

বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীক ‘জীৱন জোৰা সাধনা’ আৰু অসমীয়া প্ৰতিদিনৰ প্ৰকাশ মহন্তলৈ ‘বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা বটাঁ’ এনাজৰীৰ..

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমীয়া ভাষা ভালকৈ নজনা আৰু দখল নথকা বোৰৰ বাবেহে অসমীয়াত শব্দৰ অভাৱ হয়। দৰাচলতে অসমীয়া ভাষাটো কিমান চহকী সেই কথা আমি বহুজনে অনুধাৱনেই কৰিব নাই। সোমবাৰে উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা এনাজৰীৰ তৰফৰ পৰা আগবঢ়োৱা জীৱন জোৰা সাধনা বটাঁ লাভ কৰি এই ভাষণৰ প্ৰসংগত এই মন্তব্য কৰে অসমৰ সাহিত্য জগতৰ অন্যতম মহীৰূহ বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীয়ে।

সোমবাৰে বিয়লি ৪বজাৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় 'এনাজৰী বটাঁ-২০২০' অনুষ্ঠানটি। ৰাজ্যৰ প্ৰশাসনিক, সাহিত্য আৰু সাংস্কৃতিক জগতৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থকা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকে প্ৰায় দুই শতাধিক লোক। কোভিড প্ৰটকল মানি চলি অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা। বৰুৱাই মঞ্চ উদ্বোধন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিত উপস্থিত থাকিবলৈ পাই সন্তুষ্টি ব্যক্ত কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা এনাজৰীৰ তৰফৰ পৰা প্ৰতিবছৰে সাহিত্য, সংবাদ, সাংস্কৃতিক, সামাজিক দিশৰ সৈতে জড়িত হৈ সেৱা আগবঢ়াই থকা একো একোজন ব্যক্তিক এনাজৰী বটাঁ প্ৰদান কৰি আহিছে। প্ৰতিবছৰৰ দৰে এইবছৰো জীৱন জোৰা সাধনা বটাঁ ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যক প্ৰদান কৰাৰ লগতে বিশিষ্ট সাহিত্যিক পোলেন বৰকটকীলৈ ঐলোক্য নাথ গোস্বামী সোৱঁৰণী এনাজৰী বটাঁ আগবঢ়োৱা হয়। ঠিক তেনেদৰে, বিশিষ্ট অভিনেতা অৰুণ নাথক প্ৰদান কৰা হয় ইন্দ্ৰ বণিয়া সোঁৱৰণী এনাজৰী বটাঁ।

তথ্যনিষ্ঠ সংবাদসেৱাৰ এগৰাকী অতন্দ্ৰ প্ৰহৰী বুলি অভিহিত কৰি অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সহযোগী সম্পাদক প্ৰকাশ মহন্তলৈ এইবেলি এনাজৰী সংস্থাই আগবঢ়ায় বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতাৰ বটাঁ। ইফালে নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাক হেমচন্দ্ৰ গোস্বামী সোঁৱৰণী বটাঁ প্ৰদান কৰা হয়। বটাঁ লাভ কৰি প্ৰকাশ মহন্তই কয় যে, বিগত ২৫বছৰে সাংবাদিকতাৰ জগতখনত আছো যদিও বটাঁ প্ৰদানৰ এনে অনুষ্ঠানৰ পৰা পাৰ্যমানে নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰিছো। কিন্তু তাৰমাজতে পৰিস্থিতিৰ বাবে কেইবাটাও বটাঁ গ্ৰহণ কৰিবলগীয়া হৈছে।

এনাজৰীৰ বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতাৰ বটাঁ গ্ৰহণ কৰি মহন্তই লগতে কয়, ড০ বসন্ত কুমাৰ গোস্বামী চাৰৰ আদেশমৰ্মে মই আজি এই বটাঁ গ্ৰহণ কৰিবলৈ আহিছো। আৰু এই বটাঁ মই আৰ্শীবাদ বুলি মুৰ পাতি লৈছো। প্ৰায় ৭মাহৰ আগতে ঘোষণা কৰা এই বটাঁটি গ্ৰহণ কৰি তেওঁ কয়, অসমীয়া সাহিত্য আৰু সমাজ জীৱন চহকী কৰাৰ বাবে সকলোৱে পাৰ্যমানে কাম কৰা উচিত।

অনুষ্ঠানটিত প্ৰকাশ মহন্তই প্ৰদান কৰা ভাষণৰ কিছু অংশৰ ভিডিঅঃ

এনাজৰীৰ তৰফৰ পৰা শিৱতৰণ দাসলৈ চাৰু গোহাঁই সোঁৱৰণী এনাজৰী বটাঁ, কাৰ্বি আৰু অসমীয়া সংগীতৰ সাধক চেমচন ইংতিলৈ মিতালী চৌধুৰী সোঁৱৰণী এনাজৰী বটাঁ, বিশিষ্ট সমাজকৰ্মী সুজিত সোমলৈ সমাজ ৰত্ন এনাজৰী বটাঁ, ৰাতুল কাকতিলৈ বৰ্ষশ্ৰেষ্ঠ সাংস্কৃতিক সংগঠকৰ এনাজৰী বটাঁ আৰু হীৰু বৰঠাকুৰ, পোহৰ শিল্পী ক্ষিতীশ শৰ্মালৈ মহানন্দ শৰ্মা সোঁৱৰণী এনাজৰী আগবঢ়োৱা হয়।

বটাঁ প্ৰদান অনুষ্ঠানৰ মাজতে বিশিষ্ট শিল্পী দ্বিপেন বৰুৱাই আগবঢ়ায় গীতৰ শৰাই। এই অনুষ্ঠানত প্ৰদান কৰা বক্তৃত্বাত বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীয়ে সকলোকে অসমীয়া ভাষাতো শুদ্ধকৈ কবলৈ আৰু লিখিবলৈ আহ্বান জনায়। লগতে তেওঁ শেহতীয়াকৈ প্ৰকাশ পাবলগীয়া অভিধানখনৰ সন্দৰ্ভতো বক্তব্য ৰাখে। অসমীয়া ভাষাত শব্দৰ অভাৱ বুলি কোৱাজনক মূৰ্খ আখ্যা দি গোস্বামীয়ে কয়, অসমীয়া ভাষা কিমান চহকী আমি অনুধাৱনেই কৰিব পৰা নাই।

অনুষ্ঠানত গোৱালপৰীয়া লোকগীতৰ সাধক জয়ন্তী ৰয় আৰু দিলীপ কাকতিক ৰবীন নেওঁগ সোঁৱৰণী এনাজৰী বঁটা প্ৰদান কৰা হয়। বিশিষ্ট উদ্যোগী জেহিৰুল ইছলামক এনাজৰী উদ্যোগী বটাঁ, সোণালী দাস- ডা নৰেশ্বৰ শৰ্মাক প্ৰণিত বৰুৱা সোৱঁৰণী বঁটা, সংগীত শিল্পী দিনেশ দাসলৈ ভূধৰ বৰ্মন বটাঁ প্ৰদান কৰা হয়। উল্লেখ্য যে, এনাজৰীৰ তৰফৰ পৰা বিশেষ এনাজৰী বটাঁ ৯গৰাকী ব্যক্তিক প্ৰদান কৰা হয়।

উল্লেখ্য যে, অনুষ্ঠানটিৰ শেষত টিকেন্দ্ৰজিত মজুমদাৰৰ এখনি নাটকো উদ্বোধন কৰা হয়। নাটকখনিৰ মুকলি কৰে বিশিষ্ট অভিনেতা তৌফিকদ্দিন আহমেদে। উল্লেখ্য যে, অনুষ্ঠানৰ মাজতে এনাজৰীৰ এখনি স্মৰণিকাও উন্মোচন কৰা হয় সাবিত্ৰী খাটনিয়াৰ বৈশ্যই সম্পদনা কৰা এই স্মৰণিকা খনৰ নাম- পথিকৃৎ

ইফালে, এনাজৰীৰ উদ্যোগত পূৰ্বে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰতিযোগিতাৰ ১৬ গৰাকী বঁটা বিজয়ীক সোমবাৰৰ এই অনুষ্ঠানত মুখ্য সচিবে গামোচা আৰু স্মাৰকেৰে পুৰষ্কৃত কৰে। উল্লেখ্য যে, শশাংক ওজাৰ ঢোল বাদনেৰে অনুষ্ঠানটিৰ সামৰণি পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in