লোকসভা নিৰ্বাচনত সন্মিলিতভাৱে যুঁজত নামিব বিজেপি-শিৱসেনা

লোকসভা নিৰ্বাচনত সন্মিলিতভাৱে যুঁজত নামিব বিজেপি-শিৱসেনা

ডিজিটেল ডেস্কঃ অৱশেষত মিত্ৰতা হ'ল বিজেপি আৰু শিৱসেনাৰ। সোমবাৰে আগন্তুক নিৰ্বাচনত মিত্ৰতাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেৰ ঘৰত উপস্থিত হৈছিলগৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। প্ৰায় এঘণ্টাজুৰি চলা বৈঠকৰ অন্তত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে সংবাদমাধ্যমক জনায় যে আগন্তুক সময়ত বিধানসভা আৰু লোকসভা দুয়োটা নিৰ্বাচনতে থাকিব বিজেপি আৰু শিৱসেনাৰ মিত্ৰতা অক্ষুণ্ণ থাকিব।

বৈঠকৰ পাছতে অমিত শ্বাহ আৰু উদ্ধৱ থাকৰেই সম্বোধন কৰা সংবাদমেলত উদ্ধৱ থাকৰেই কয়- 'আমি এতিয়াও একেলগে আছো। আগন্তুক নিৰ্বাচনত আমি এক হৈ অৱৰ্তীণ হম। শিৱসেনা আৰু বিজেপিৰ মিত্ৰতা মাজতে ভুল বুজাবুজিৰ সৃষ্টি হৈছিল যদিও আমি তেওলোকৰ সৈতে সময়ে সময়ে বিভিন্ন বিষয়ক লৈ আলোচনা কৰি আহিছো। আগন্তুক সময়তো চৰকাৰক সকলোফালৰ পৰা দিহা-পৰামৰ্শৰে সহায় কৰিব শিৱসেনাই।'

আনহাতে সংবাদমেলত অমিত শ্বাহে কয়- ' মই আত্মবিশ্বাসেৰে কব পাৰো যে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি-শিৱসেনাে মিত্ৰজোটে ৪৮ খন আসনৰ ভিতৰত ৪৫ খন আসন লাভ কৰিব।' সংবাদ মেলত উপস্থিত থকা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাণ্ডাৱিজে ঘোষণা কৰে যে ২০১৯ ৰ নিৰ্বাচনত মহাৰাষ্ট্ৰৰ ৪৮ খন খনত আসনত বিজেপিয়ে ২৫ আৰু শিৱসেনাই ২৩ খন আসনত প্ৰাৰ্থী থিয় কৰাব।

আনহাতে এই সংবাদমেলতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে ৰামমন্দিৰ নিৰ্মাণৰ বাবে শিৱসেনাই কৰা দাবীক সম্পূৰ্ণৰূপে সমৰ্থন জনাব বুলিও মন্তব্য কৰে।উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেই বিভিন্ন সভা-সমিতিয়ে বিজেপিক কটাক্ষ কৰিছিল যদিও অৱশেষত সোমবাৰে এই মিত্ৰতা বাহাল ৰখাৰ সিদ্ধান্তক লৈ দেশৰ সচেতন মহলত ব্যাপক চৰ্চা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in