একত্ৰিত আমছুঃ নগাঁৱত কেন্দ্ৰীয় সধাৰণ সম্পাদকক উষ্ম আদৰণি  

একত্ৰিত আমছুঃ নগাঁৱত কেন্দ্ৰীয় সধাৰণ সম্পাদকক উষ্ম আদৰণি  

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ যি সময়ত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) দুটা গোটত বিভাজিত হৈ অসমৰ ৰাইজৰ সমালোচনাৰ সন্মুখীন হৈছিল আৰু আমছুৰ একাংশ বিষয়ববীয়াই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল, সেই সময়তে আমছুৰ বিভাজিত গোট দুটা পুনৰ একত্ৰিত হোৱা খবৰে নগাঁও জিলাৰ আমছু কৰ্মীসকলক আনন্দিত কৰি তুলিছে।

উল্লেখযোগ্য যে,  আমছু বিভাজিত হোৱাৰ পিছত নগাঁও জিলা সমিতিয়ে কোনো গোটকেই সমৰ্থন কৰা নাছিল। অৱশেষত দেওবাৰে আমছুৰ প্ৰতিষ্ঠাপক সভাপতি আব্দুল হাই নাগৰিৰ প্ৰচেষ্টাত গুৱাহাটীত এক বিশেষ অনুষ্ঠানত দুয়ো গোটৰ মতভেদ আতৰাই পুনৰ একত্ৰিত কৰি জাতিৰ স্বাৰ্থত কাম কৰিবলৈ আৰু আমছুৰ সাংগঠনিক ভেঁটি আৰু অধিক মজবুত কৰাবলৈ আহ্বান জনায়।

উল্লেখ্য যে, আমছুৰ নগাঁও জিলা সমিতিৰ সভাপতি তথা উচ্চ শিক্ষিত যুৱক  মোশ্বাৰফ হুছেইন কবিৰক কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়াত উৎফুল্লিত হৈ পৰে জিলা সমিতি। আজি আমছুৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়াই কেন্দ্ৰীয় সম্পাদক কবিৰক ফুলাম গামোচা আৰু জাপিৰে উষ্ম আদৰণি জনোৱাৰ লগতে  প্ৰতিষ্ঠাপক সভাপতি আব্দুল হাই নাগৰিকক ধন্যবাদ জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in