বিটিআৰ চুক্তি অসমৰ অখণ্ডতা ৰক্ষাৰ শুভলক্ষণঃ আমছু, হাগ্ৰামাক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান, VIDEO

বিটিআৰ চুক্তি অসমৰ অখণ্ডতা ৰক্ষাৰ শুভলক্ষণঃ আমছু, হাগ্ৰামাক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, এবছু আৰু এনডিএফবিৰ চাৰিটা গোটৰ মাজত ঐতিহাসিক বিটিআৰ শান্তি চুক্তিৰে পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবী পৰিহাৰ কৰি অসমৰ অখণ্ডতা ৰক্ষা কৰাত শুভলক্ষণ বুলি আদৰণি জনাইছে সদৌ অসম সংখ্যলঘু ছাত্ৰ ইউনিয়নে৷ বৃহস্পতিবাৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক আমছুৰ উপদেষ্ঠা আজিজুৰ ৰহমান আৰু সভাপতি ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বত এটি সজাতি দলে সাক্ষাৎ কৰি সম্পাদিত হোৱা শান্তি চুক্তিক উষ্ম আদৰণি জনায়।

সজাতি দলটোৱে হাগ্ৰামা মহিলাৰীক ১৫ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ স্মাৰক পত্ৰত বিটিআৰত সমূহ জাতি, জনগোষ্ঠীৰ লগতে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সকলক ভূমিৰ সম অধিকাৰ, সম মৰ্যাদা প্ৰদানৰ উপৰিও সংখ্যালঘুু উন্নয়ন বোৰ্ড, চাকৰি, ঠিকা, চৰকাৰী সা-সুবিধা, ভূমি ক্ৰয়-বিক্ৰয় অধিকাৰ, বড়ো জনবসতি ৫০ শতাংশতকৈ কম গাওঁ কৰ্তন কৰা আৰু সমষ্টি পুনৰ নিৰ্ধাৰন আয়োগত আমছুৰ দুজন প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰাৰ লগতে গোষ্ঠী সংঘৰ্ষত নিহত নিকট আত্মীয়ক এককালীন পাঁচলাখকৈ আৰ্থিক সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰে৷

বৃহস্পতিবাৰৰ সজাতি দলটোত আমছুৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসেও সংগ দিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in