জিএছটি ফাঁকি দি ধৰা পৰিল চলচিত্ৰ পৰিচালক বিজয় গুট্টে

জিএছটি ফাঁকি দি ধৰা পৰিল চলচিত্ৰ পৰিচালক বিজয় গুট্টে

ডিজিটেল ডেস্কঃ সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জিএছটি সম্পৰ্কীয় ভুল তথ্য প্ৰদান কৰি জেললৈ যাবলগীয়া হৈছে চলচিত্ৰ নিৰ্মাতা বিজয় ৰত্নাকৰ গুট্টে।

প্ৰাপ্ত বাতৰি মতে মুক্তিৰ ক্ষণ গণি থকা 'দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ' ছবিখনৰ এই পৰিচালকগৰাকীয়ে অতি কমেও জিএছটিৰ নামত ৩৪ কোটি টকাৰ জালিয়াতি সংঘটিত কৰিছে।

জিএছটিৰ শীৰ্ষ সূত্ৰই সদৰী কৰা অনুযায়ী ডিৰেক্টৰেট জেনেৰল অব গুডছ এণ্ড ছাৰ্ভিছ টেক্স ইন্টেলিজেন্স চমুকৈ ডিজিজিএছটিআইয়ে মুম্বাইৰ পৰা বৃহস্পতিবাৰে গুট্টেক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়।

আদালতে গুট্টেক অহা ১৪ আগষ্ট পৰ্যন্ত ন্যায়িক জিম্মাত ৰাখিবলৈ নিৰ্দেশ দিয়াৰ কথাও সদৰী কৰিছে সূত্ৰটোৱে।

জানিব পৰা মতে, গুট্টেৰ ভিআৰজি ডিজিটেল কৰ্পৰেশ্যন প্ৰাইভেট লিমিটেড নামৰ ফাৰ্মখনে ৩৪.৩৭ কোটি টকাৰ ১৪৯খন ভুৱা জিএছটি ইনভইচ দাখিল কৰিছিল।

হৰাইজন আউটছ'ৰ্চ ছলিউশ্যন প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ পৰা এনিমেশ্যন আৰু মেনপাৱাৰ সেৱাৰ নামত লাভ কৰা ধনৰ বিপৰীতে এই ইনভইচবোৰ দেখুওৱা হৈছে।

উল্লেখ্য যে চলিত বৰ্ষৰ মে' মাহত ডিজিজিএছটিআইৰ হাতত জালিয়াতি কৰি ধৰা পৰিছিল হৰাইজন নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in