বেলটত বন্দী হ’ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য…

বেলটত বন্দী হ’ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত  সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য…

ডিজিটেল সংবাদ নাহৰকটীয়াঃ বৃহস্পতিবাৰে ৰাজ্যৰ চাৰি জিলাত অনুষ্ঠিত হ'ল ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন। ২১ টাকৈ পৰিষদীয় সমষ্টিত পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ'ল ভোট গ্ৰহণ প্ৰক্ৰিয়া। নাহৰকটীয়াৰ ২২ নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টিৰ ৬ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৪ বজাৰ লগে লগে অন্ত পৰে। ২২ নং মেৰবিল পৰিষদীয় সমষ্টিৰ বৰবাম, মেৰবিল, কলিয়াপানী, খাটোৱা, জৰিগুৰি আৰু নাহৰকটীয়া নগৰৰ মুঠ ৬ টা ভোট গ্ৰহণ কেন্দ্ৰত সৰ্বমুঠ ৫৪৫৬ গৰাকী ভোটাৰৰ ভিতৰত ২৬৪৭ গৰাকীয়ে ভোটদান কৰি বেলটত বন্দী কৰিলে দুগৰাকীকৈ  প্ৰাৰ্থীৰ ভাগ্য।

উল্লেখ্য যে ২২ নং মেৰবিল পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ হৈ মণ্ডিত বড়া আৰু অসম জাতীয় পৰিষদৰ হৈ কুশৰাম বড়াই প্ৰাৰ্থীত্ব আগবঢ়ায়। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী  কুশৰাম বড়াক সমৰ্থন আগবঢ়াই কংগ্ৰেছ দলে। ৬ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ সৰ্বমুঠ ৫৪৫৬ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ ২৭৩০ জন আৰু মহিলা ভোটাৰৰ সংখ্যা হ'ল ২৭২৬ গৰাকী। ইয়াৰে ভিতৰত ভোটদানৰ হাৰ  হ'ল৪৮.৫২%।

লক্ষণীয় যে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুশৰাম বড়াই ৫০০ ভোটৰ ব্যৱধানত জয় হোৱাৰ ঘোষণা কৰাৰ  বিপৰীতে বিজেপিৰ মণ্ডিত বড়াই  নিশ্চিতভাৱে বিপুল ভোটত জয়যুক্ত হোৱাৰ মত পোষণ কৰে। আনহাতে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে নাহৰকটীয়া টাউন প্ৰাথমিক বিদ্যালয়ত ভোটদানেৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাৱ্যস্ত কৰি সংবাদ মাধ্যমৰ আগত কয় যে,-১ হাজাৰৰ পৰা ডেৰ হাজাৰ ভোটৰ ব্যৱধানত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী মণ্ডিত বড়া জয়যুক্ত হ'ব। কিয়নো ৰাষ্ট্ৰীয়তাবাদৰ বিৰোধীতা কৰি অসম জাতীয় পৰিষদে অসমৰ ৰাইজৰ আৱেগ বুটলিবলৈ চেষ্টা চলাইছিল যদিও আজি  অ জা প ই ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ লগত মিত্ৰতা  স্থাপন কৰি  আচল স্বৰূপ উদঙাই দিয়াত ৰাইজে নিশ্চয় বুজি পালে। তাৰ ফলশ্ৰুতিত সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত অসম জাতীয় পৰিষদৰ নাহৰকটীয়া সমষ্টি সমিতিৰ সম্পাদককে  মুখ্য কৰি বহুকেইজন নেতা কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। 

লগতে  বিধায়ক গৰাকীয়ে কয় কংগ্ৰেছ দলে ২২ নং মেৰবিল সমষ্টিত নিজৰ প্ৰাৰ্থী নিদি অসম জাতীয় পৰিষদক এৰি দি একপ্ৰকাৰৰ বিজেপিক ৱাক অভাৰ দিলে বুলি ক'ব পাৰি। গতিকে সম্পূৰ্ণ ঠেঙাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদ বিজেপিয়ে গঠন কৰাৰ লগতে ২২ নং মেৰবিল সমষ্টিটো যে বিজেপিয়ে বিপুল ভোটত জয়যুক্ত হ'ব সেয়া নিশ্চিত।

 অৱশ্যে বিজেপি জয়ী হয় নে অসম জাতীয় পৰিষদ জয়যুক্ত হব সেয়া ফলাফলে নিৰ্ণয় কৰিব কিন্তু ৰাষ্ট্ৰীয়তাবাদৰ অক্সিজেন নলওঁ বুলি কৈ ফুৰা লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মিত্ৰতাই নাহৰকটীয়াৰ জাতীয়তাবাদী শিবিৰত যে খহনীয়াৰ সৃষ্টি কৰিছে সেয়া ধুৰুপ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in